
গুৱাহাটী, ২৯ জুলাই (হি.স.)। বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীৰ বাবে বৃহৎ সাহায্য ঘোষণা অসম চৰকাৰে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, আৰু গোলাঘাট জিলাৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ এডমিট কাৰ্ড, মাৰ্কশ্বীট, বা প্ৰমাণ পত্ৰ বানপানীত নষ্ট বা হেৰাই গৈছে, তেওঁলোকক আৰক্ষীৰ প্ৰতিবেদন অবিহনে বিনামূলীয়াকৈ ডুপ্লিকেট কপি প্ৰদান কৰা হ'ব।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ সম্পাদক নাৰায়ণ নাথে উল্লেখ কৰে যে বানপীড়িত ছাত্ৰ-ছাত্ৰীক যাতে তেওঁলোকৰ পঢ়া-শুনাত ব্যাঘাত নপৰে তাৰ বাবে মাৰ্ক শ্বীট, প্ৰমাণপত্ৰ, আৰু অন্যান্য অত্যাৱশ্যকীয় নথি-পত্ৰৰ কপি সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।
ৰাজ্য চৰকাৰেও ঘোষণা কৰিছে যে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা প্ৰায় ডেৰ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি আৰু বিদ্যালয়ৰ পোছাক প্ৰদান কৰা হ’ব। প্ৰাথমিক হিচাপ অনুসৰি শিৱসাগৰ, চৰাইদেউ, আৰু যোৰহাট জিলাৰ প্ৰায় ৮০ শতাংশ বিদ্যালয় বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
বানপানীত ক্ষতিগ্ৰস্ত বা উটুৱাই যোৱা ছাত্ৰ-ছাত্ৰীৰ ঠাইত নতুন পাঠ্যপুথিৰ ব্যৱস্থা কৰা হ’ব, আনহাতে সামগ্ৰী হেৰুৱা ছাত্ৰ-ছাত্ৰীয়েও লাভ কৰিব নতুন স্কুল ইউনিফৰ্ম। অসম ৰাজ্যিক পাঠ্যপুথি উৎপাদন আৰু প্ৰকাশন নিগমক তৎকালীনভাৱে বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, আৰু ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত ব্যাঘাত নপৰাটো নিশ্চিত কৰিবলৈ অহা ৩০ জুলাইৰ পৰা বিতৰণ আৰম্ভ হ’ব।
চৰকাৰে উল্লেখ কৰে যে এনডিআৰএফ আৰু এছডিআৰএফৰ যৌথ মূল্যায়নৰ অন্তত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহত মেৰামতি আৰু পুনৰুদ্ধাৰৰ কাম আৰম্ভ হ’ব। এটা ভাইৰেল ভিডিঅ’ত এজন ছাত্ৰই বানপানীত তিতি থকা কিতাপবোৰ শুকুৱাবলৈ চেষ্টা কৰা দেখা পোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ