চিকাৰী মিচিং গাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ
মাজুলী, ২৯ জুলাই (হি.স.)। উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয় খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু উন্নত ভাৰত অভিযান গোটৰ সহযোগত চিকাৰী মিচিং বালিপত্তি প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । পুৱা ১০ বজাত উজনি মাজ
চিকাৰী মিচিং গাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ


মাজুলী, ২৯ জুলাই (হি.স.)। উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয় খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু উন্নত ভাৰত অভিযান গোটৰ সহযোগত চিকাৰী মিচিং বালিপত্তি প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । পুৱা ১০ বজাত উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই চিকিৎসা শিবিৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ।

জেংৰাই মুখ আদৰ্শ চিকিৎসালয়ৰ অধিক্ষক ডাক্তৰ পবিত্ৰ মিলিৰ ব্যৱস্থাপনাত চিকিৎসক ক্ৰমে ডাক্তৰ অৰ্ণিবান পেগু, ডাক্তৰ নিকুমনি মিলি, চিকিৎসা কৰ্মী ক্ৰমে নিত্যানন্দ পেগু , ৰঘুকৃষ্ণ পেগু, প্ৰশান্ত চুতীয়া ,নাৰ্চ বন্তি পেগু আৰু হেমা দেউৰীকে আদি কৰি চৈধ্য গৰাকী চিকিৎসক, চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায় ।উজনি মাজুলীৰ নদী কাষৰীয়া জনজাতি অঞ্চলত উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ে অনুষ্ঠিত কৰা চিকিৎসা শিবিৰত সোণোৱাল কছাৰী, লাচন গাঁও আৰু চিকাৰী মিচিং গাঁৱৰ প্ৰায় দেৰ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ যোগান ধৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande