গীত গাই গাই নলবাৰীত বান সাহাৰ্য্য সংগ্ৰহ কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা
নলবাৰী, ২৯ জুলাই (হি.স.)। উজনি অসমৰ বন্যাৰ্তক এমুঠি অন্ন আৰু পশুধনৰ আহাৰৰ বাবে নলবাৰীৰ মৰোৱা মাধাপুৰ বজাৰত দোকানে দোকানে , জনতাৰ পদুলিয়ে পদুলিয়ে সাহাৰ্য্য বিচাৰি ওলাই আহিছে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা ।কণ্ঠশিল্পী গৰাকীক সংগ দিয়ে অগপ নেতা জাহিৰ আলম
গীত গাই গাই নলবাৰীত বান সাহাৰ্য্য সংগ্ৰহ কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা


নলবাৰী, ২৯ জুলাই (হি.স.)। উজনি অসমৰ বন্যাৰ্তক এমুঠি অন্ন আৰু পশুধনৰ আহাৰৰ বাবে নলবাৰীৰ মৰোৱা মাধাপুৰ বজাৰত দোকানে দোকানে , জনতাৰ পদুলিয়ে পদুলিয়ে সাহাৰ্য্য বিচাৰি ওলাই আহিছে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা ।কণ্ঠশিল্পী গৰাকীক সংগ দিয়ে অগপ নেতা জাহিৰ আলম চৌধুৰী , মাধাপুৰ যুৱক সংঘ , বৰকুৰিহা যুৱ সমাজকে আদি কৰি বহু স্বতষ্ফূৰ্ত ৰাইজে ।

দূৰ্যোগৰ এনে এক সময়চোৱাত বন্যাৰ্তৰ হকে সকলোকে ওলাই আহি কিছু সাহাৰ্য্য যোগান কৰাৰ আহ্বান কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ । শিল্পী গৰাকীয়ে গীত গাই আহ্বান জনাইছে । আৰু ৰাইজে সহাৰিও জনাইছে । ৰাইজৰ সহাৰি দেখি কণ্ঠশিল্পী গৰাকীয়ে উৎফুল্লিত হৈ লোকসকলক সলাগ লয় ।হাজোৰ পৰা পোনে পোনে নলবাৰীৰ মৰোৱাত এনেদৰে প্ৰতিখন দোকান , ৰাইজৰ ওচৰলৈ সাহাৰ্য বাকচ লৈ সহায় বিচাৰিছে কণ্ঠশিল্পী গৰাকীৰ লগতে সংগী বৃন্দই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande