দুখত ভাগি পৰিছে আমগুৰি চাহবাগিছাৰ ১৮২টাকৈ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল
শিৱসাগৰ, ২৯ জুলাই (হি.স.)। বলিয়া বানৰ ভয়ংকৰ বিভীষিকাৰ পিছত এতিয়া আমগুৰি চাহবাগিছাত সৃষ্টি হৈছে আন এক হৃদয়বিদাৰক দৃশ্য।বানৰ পানী শুকাল কিন্ত ভয়াৱহ বান পৰিস্থিতিৰ ফলত বানত আক্ৰান্ত সকলৰ যি সমস্যা সৃষ্টি হৈছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়াও যথেষ্ট দিন অ
দুখত ভাগি পৰিছে আমগুৰি চাহবাগিছাৰ ১৮২টাকৈ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল


শিৱসাগৰ, ২৯ জুলাই (হি.স.)। বলিয়া বানৰ ভয়ংকৰ বিভীষিকাৰ পিছত এতিয়া আমগুৰি চাহবাগিছাত সৃষ্টি হৈছে আন এক হৃদয়বিদাৰক দৃশ্য।বানৰ পানী শুকাল কিন্ত ভয়াৱহ বান পৰিস্থিতিৰ ফলত বানত আক্ৰান্ত সকলৰ যি সমস্যা সৃষ্টি হৈছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়াও যথেষ্ট দিন অপেক্ষা কৰিব লাগিব বানত আক্ৰান্ত লোক সকলে।

মৰমৰ ঘৰ খন জীৱিকাৰ দোকান খন উটি গল বাঢ়নী পানীত।দুখত ভাগি পৰিছে আমগুৰি চাহবাগিছাৰ ১৮২টাকৈ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল।ঘৰবাৰী হেৰুওৱা পৰিয়াল সমুহ গৃহহীন হৈ বিদ্যালয় গৃহৰ আশ্ৰয় শিৱিৰত দিন অতিবাহিত কৰিছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা বহু মানৱ দৰদী লোকে যোগান ধৰিছেহি খাদ্য সামগ্ৰী।তদুপৰি চৰকাৰৰ তৰফৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰি থকা হৈছে।বলিয়া বানে এফালৰ পৰা তচনচ কৰি ধ্বংস লীলা চলালে আমগুৰি চাহবাগিছাত। বিধায়ক ময়ুৰ বৰগোহাঁইয়ে আমগুৰি চাহবাগিছাৰ আশ্ৰয় শিৱিৰত উপস্থিত হৈ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰীৰ লগতে আন আন সামগ্ৰী সমুহো যোগান ধৰি আছে।বানত ক্ষতিগ্ৰস্ত হোৱা সকলে যাতে কোনো কাৰণতে অভাৱ অনুভ্ৱ কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ আছে বিধায়ক ময়ুৰ বৰগোহাঁই।বানত সৰ্বস্বান্ত হোৱা গাঁও বা অঞ্চল সমুহক আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা যুগুত কৰিছে বিধায়ক গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande