
শিক্ষাব্ৰতীৰ মৃত্যুত শোকাৰ্ত শিক্ষক সমাজ
শোণিতপুৰ, ২৯ জুলাই (হি.স.)। শোণিতপুৰ জিলাত দীঘলীয়া সময় শিক্ষা বিভাগৰ আঁচনি বিষয়া হিচাপে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা এগৰাকী কবি, লেখক তথা জাতীয় সত্বাৰ অধিকাৰী ৰমেন মেধিৰ কালি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱাত জিলাখনৰ শৈক্ষিক ক্ষেত্ৰত শোকৰ ছাঁ পৰিছে । ৰাজ্যখনৰ বিভিন্ন জিলাত কৰ্মনিষ্ঠ জিলা আঁচনি শিক্ষা বিষয়া হিচাপে কৰ্তব্য সম্পাদন কৰা সাহিত্যিক-সাংবাদিক কবি প্ৰবন্ধকাৰ ৰমেন মেধী ডাঙৰীয়াৰ দেহবসানত সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে । কালি বিয়লি ডা° ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্কট ৰোগাক্ৰান্ত ৰমেন মেধীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে ,সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণত জিলা আঁচনি বিষয়া হিচাপে কৰ্মৰত আছিল ৰমেন মেধী আৰু কৰ্মসূত্ৰে বিভিন্ন জিলাত কাৰ্যনিৰ্বাহ কৰিছিল। সৰ্বশিক্ষা অভিযান আৰম্ভণিত ২০০৪ বৰ্ষত জিলা আঁচনি বিষয়া হিচাপে শোণিতপুৰ জিলাত যোগদান কৰিছিল ৰমেন মেধীয়ে । ২০১২ চনত শোণিতপুৰৰ পৰা বদলি হৈ ধেমাজি জিলাত শিক্ষক প্ৰশিক্ষণ বিভাগৰ জিলা আঁচনি বিষয়া হিচাপে যোগদান কৰে। ২০২৪ বৰ্ষত শোণিতপুৰৰ পৰা গোৱালপাৰা জিলালৈ আৰু শেহতীয়াকৈ ২০২৬ বৰ্ষৰ আৰম্ভণিতে ধুবুৰী জিলালৈ বদলি হৈছিল। সমাজ জীৱনৰ কৰুণ ছবিখন সদায়েই ৰঙা ডায়েৰী এখনত কঢ়িয়াই ফুৰা কবি ৰমেন মেধী ডাঙৰীয়াৰ মৃত্যুত শোকাহত হৈছে অনুৰাগী । কবিতাৰে তেওঁ জয় কৰিছিল ৰে’ল আলিটোৰ কাষৰ শাৰী শাৰী জুপুৰিবোৰতো থকা জীৱনবোৰ, হেঙুল হাইতাল অবিহনেও এটি পাউৰুটীয়ে আহাৰ প্ৰদান কৰা মধ্যবিত্ত পৰিয়ালবোৰ আৰু কংক্ৰিটৰ মাজত লুকাই থকা শ্ৰমিকৰ সংগ্ৰামবোৰ। নিজে ভোকাতুৰ থাকিও আহাৰ পথভ্ৰষ্টক আহাৰ প্ৰদান কৰিছিল ৰমেন মেধীয়ে।
ৰুচিশীল আৰু অমায়িক স্বভাৱৰ নিষ্ঠাবান, প্ৰকৃতিবাদী ৰমেন মেধী ডাঙৰীয়া শিক্ষা বিভাগৰ কৰ্মদক্ষ আছিল। তেওঁৰ মতে প্ৰত্যেক মানুহৰ জীৱনত শিক্ষাৰ গুৰুত্ব অপৰিসীম। ৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসত আকাশবাণী তেজপুৰ অনাতাৰ কেন্দ্ৰৰ এটি সাক্ষাৎকাৰত তেওঁ কৈছিল সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে চৰকাৰ আৰু শিক্ষা বিভাগে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে তাত নিষ্ঠা আৰু সততাৰে কাম কৰিলে বলিষ্ঠ হ'ব পৰা যাব ।
সাহিত্য কৃতিত ৰমেন মেধীৰ ' শ্বাশ্বত' নামৰ এখন মাহেকীয়া আলোচনী লগতে ধেমাজী জিলাত কৰ্মৰত ক্ষণত তেওঁৰ সম্পাদনাত আকাংক্ষা আলোচনী প্ৰকাশ হৈছিল। তেখেতৰ অপ্ৰকাশিত কাব্য সংকলন আছিল বসুন্ধৰা ।
উল্লেখ্য যে ,ছাত্ৰাৱস্থাত গুৱাহাটীৰ ছাত্ৰ সন্থাকো নেতৃত্ব প্ৰদান কৰিছিল মেধী ডাঙৰীয়াই । ছাত্ৰ অৱস্থাত ছাত্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত বহুবাৰ জেল হাজোতত থাকিব লগীয়াও হৈছিল। জেল হাজোতত থাকোতে তেওঁৰ মুক্তিৰ প্ৰতিবাদত সেই সময়ৰ ছাত্ৰ নেতা হিমন্ত বিশ্ব শৰ্মা তথা এতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰাগাৰত খবৰ লৈ গ্ৰেপ্তাৰৰ বিৰুদ্ধে গুৱাহাটীত ছাত্ৰ আন্দোলন গঢ়ি তুলিছিল । ১৯৬৭ চনৰ ১৪ মাৰ্চ তাৰিখে জন্মগ্ৰহণ কৰা শিক্ষাবিদ ৰমেন মেধীয়ে গোৱালপাৰা জিলাত কৰ্মৰত অৱস্থাত ৫৯ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে । সমগ্ৰ শিক্ষা শোণিতপুৰ জিলাই সমাজত ৰমেন মেধীৰ দৰে নীৰৱে কষ্ট স্বীকাৰ কৰি হাঁহি হাঁহি জীৱনক জয় কৰা ব্যক্তিৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে। তেওঁৰ অনুৰাগী সাহিত্য, কবি সমাজেওঁ তেওঁ গঢ়ি যোৱা ৰাজ্যখনৰ বিভিন্ন জিলাৰ যুৱ বন্ধুক তেওঁৰ স্মৃতিক জীয়াই ৰখাৰ আহ্বান কৰিছে আৰু পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছে ।এইগৰাকী নিষ্ঠাবান শিক্ষা বিষয়াৰ মৃত্যুত শোণিতপুৰ জিলাৰ আঁচনি বিষয়া কৃষ্ণকান্ত ডেকা ,অসম মাধ্যমিক শিক্ষা বিভাগৰ উপ সঞ্চালক প্ৰভাত দাস ,তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা ,শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় ,শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক বিজয় কাণ্ডুলানা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ