

গুৱাহাটী, 29 জুলাই (হি.স.)। সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগাৰু দলঙত বৃহৎ ফাঁট।
বিপদসংকুল ভাৱে চলিছে যাতায়ত। সদাব্যস্ত এই ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ দুৰৱস্থাৰ বাবে নিতৌ সংঘটিত হৈছে সৰু-বৰ দুৰ্ঘটনা।
প্ৰাণ হেৰুৱাইছে বহুজনে, ঘুনীয়া হৈছে বহুজন। ইমানৰ পিছতো কাণসাৰ নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ। সমীপতে থকা সোণাপুৰৰ নাজিৰাখাট টোলগেটৰ টোলকৰ বৃদ্ধি হয় ঠিকেই, কিন্তু ইয়াৰ সুফল নাপায় সাধাৰণ জনতাই।
কেৱল দলঙৰ বৃহৎ ফাঁটেই নহয়, সোণাপুৰৰ পৰা জাগীৰোড পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। ৰাইজৰ প্ৰশ্ন যদি ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণেই নকৰে, তেন্তে টোলকৰ দিয়াৰ কোনো প্ৰয়োজনীয়তা আছে জানোঁ?
সেয়েহে শীঘ্ৰেই পথৰ মেৰামতিৰ ব্যৱস্থা কৰক, অন্যথা টোলকৰ সংগ্ৰহ কাৰ্য বন্ধ কৰক।
হিন্দুস্থান সমাচাৰ / Narayan Kar