বিজনীৰ দাঙাইগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুটা সৰবৰাহকাৰী
বিজনীৰ দাঙাইগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুটা সৰবৰাহকাৰী।
বিজনীৰ দাঙাইগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুটা সৰবৰাহকাৰী


চিৰাং, ২৯ জুলাই (হি.স.): চিৰাং জিলাৰ বিজনীৰ দাঙাইগাঁৱত যোৱা কালি মঙলবাৰে নিশা ড্ৰাগছসহ গ্ৰেপ্তাৰ দুটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয় । ধৃত সৰবৰাহকাৰী দুটা বৰপেটাৰ ৰায়পুৰৰ ৰহিজ উদ্দিন(৪২) আৰু তামুলপুৰ জিলাৰ কলিয়াকুৰৰ আব্দুল মালিক(৪১) বুলি পৰিচয় পোৱা গৈছে ।

জানিব পৰামতে, এএছ ১৫ এল ৩৬৮০ নম্বৰৰ মাৰুটি ছুজুকী অমিনি গাড়ী খনেৰে দাঙাইগাঁৱত ড্ৰাগছ সৰবৰাহ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী দুটা। বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুনমণি দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চলোৱা অভিযানটোত চাবোনৰ বাকচ ভৰ্তি এটা ড্ৰাগছৰ পেকেট, দুটা মোবাইল ফোন জব্দ কৰাৰ লগতে জব্দ কৰে সৰবৰাহকাৰী দুটাই ব্যৱহাৰ কৰা গাড়ীখন। জব্দকৃত ড্ৰাগছ সমূহৰ বজাৰ মূল্য ১ লাখ টকা বুলি জানিব দিয়ে বিজনীৰ আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande