ধুবুৰী- ফুলবাৰী দলঙৰ কাম কৰা শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ
ধুবুৰী- ফুলবাৰী দলঙৰ কাম কৰা শ্ৰমিকৰ মৃতদেহ ।
ধুবুৰী- ফুলবাৰী দলঙৰ কাম কৰা শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ


ধুবুৰী, ২৯ জুলাই (হি.স.): অৱশেষত ধুবুৰী- ফুলবাৰী দলঙৰ কাম কৰা শ্ৰমিকৰ মৃতদেহ যোৱা কালি মঙলবাৰে তিনি দিনৰ দিনা উদ্ধাৰ কৰা হয় । যোৱা কালি আবেলি এছডিআৰএফ আৰু ডিডিআৰএফ বাহিনীয়ে দক্ষিণ শালমাৰা পাৰঘাটৰ কাষত শ্ৰমিক গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা মৃতদেহটো এল & টি কোম্পানীৰ ধুবুৰী-ফুলবাৰী দলঙৰ কাম কৰা শ্ৰমিকৰ আছিল । শ্ৰমিক গৰাকী বিহাৰ ৰাজ্যৰ আকাশ কুমাৰ বুলি জানিব পৰা গৈছে । যোৱা দেওবাৰে ব্ৰহ্মপুত্ৰ নদীত গা ধুই থকা অৱস্থাত হঠাৎ নিৰুদ্দেশ হৈছিল শ্ৰমিক গৰাকী ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande