
চিৰাং, ২৯ জুলাই (হি.স.)। আজি ২৯ জুলাই। সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হৈছে ২৯ সংখ্যক গ্লোবেল টাইগাৰ দিৱস। বনৰাজ বাঘৰ সংৰক্ষণ আৰু বনজীৱ বৈচিত্ৰ্য ৰক্ষাৰ লক্ষ্যৰে চিৰাং জিলাৰ বাসুগাঁও বনাঞ্চলিক কাৰ্যালয়তো বিভিন্ন কাৰ্যসূচীৰে দিনটো পালন কৰা হয়।
জীৱশ্ৰেষ্ঠ মানুহৰ অবাধ বনধ্বংস, বাসস্থান সংকোচন আৰু চোৰাং চিকাৰৰ দৰে বিভিন্ন কাৰণত বনৰাজ বাঘৰ অস্তিত্ব আজিও ভাবুকিৰ সন্মুখীন।
বাঘৰ সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰতি জনসাধাৰণক অধিক সজাগ কৰাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বৰ লগতে চিৰাং জিলাৰ বাসুগাঁও ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত পালন কৰা হয় ২৯ সংখ্যক গ্লোবেল টাইগাৰ দিৱস।
পুৱা বনাঞ্চলিক কাৰ্যালয় চৌহদত গছপুলি ৰোপণ তাৰ পিছত বনবিভাগৰ বিষয়া-কৰ্মচাৰী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকসকলে অংশগ্ৰহণ কৰা এখন সজাগতামূলক পদযাত্ৰা উলিওৱা হয়। বাঘ বচাওঁ, প্ৰকৃতি বচাওঁ শ্লোগানেৰে মুখৰিত হৈ পৰা পদযাত্ৰাই পৰিৱেশ সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাৰ্তা প্ৰচাৰ কৰে।
পদযাত্ৰাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ছেভ নেচাৰ, ছেভ টাইগাৰ শীৰ্ষক এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাৰ জৰিয়তে শিক্ষাৰ্থীসকলক বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু প্ৰকৃতি সুৰক্ষাৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰি তোলাৰ প্ৰয়াস চলোৱা হয়।
বাঘ কেৱল এখন বনাঞ্চলৰ গৌৰৱেই নহয়, ই সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ। সেয়ে বন বিভাগে সকলোকে বন সংৰক্ষণ, বাঘ সংৰক্ষণ আৰু প্ৰকৃতি সুৰক্ষাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা