
কামৰূপ, ২৯ জুলাই (হি.স.)। কুকুৰমাৰাত ভয়াৱহ অগ্নিকাণ্ডত জাহ গ'ল ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি । দক্ষিণ কামৰূপৰ কুকুৰমাৰাত ভয়াৱহ অগ্নিকাণ্ড । মাজনিশা প্ৰায় ১ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত তিনিখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।
ঘটনাস্থলীত কুকুৰমাৰা আৰক্ষী উপস্থিত হয় যদিও পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাত কিছু ক্ষোভৰ সৃষ্টি হয় । ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰমাৰা ৰেল ক্ৰছিঙৰ তলত থকা ব্ৰজেন দাসৰ গেৰেজটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় । গেৰেজৰ ভিতৰত থকা বৃহৎ মেচিন এটা, ১৫০ পালচাৰ বাইক এখন, আৰ ১৫ বাইক এখন, স্কুটি এনট্ৰো এখন আৰু বহু সামগ্ৰী সহ প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি চাই হৈ যায় । ইয়াৰ উপৰিও ২ নং জীয়াকুৰৰ নৱনীতা কলিতাৰ ষ্টেচনাৰী আৰু ফটোষ্টেটৰ দোকান আৰু ১ নং জীয়াকুৰৰ নয়ন কলিতাৰ বৈদ্যুতিক দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।
ঘৰৰ মালিক দ্বীজু বৰাই স্থানীয় ব্যক্তিৰ সহযোগত জুই লগা খবৰটো শুনি অকলে জুই নুমাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও জুই নুমাবলৈ সক্ষম নহ'ল । অৱশ্যে ছয়গাঁৱৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি কিছু সকাহ দিয়ে যদিও ইতিমধ্যে ব্ৰজেন দাসৰ গেৰেজটো সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায় । চৰ্ট চাৰ্কিটৰ ফলত জুই লগা বুলি অনুমান কৰা হৈছে যদিও প্ৰকৃত ঘটনা আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা