
নগাঁও, ২৯ জুলাই (হি.স.): নগাঁও জিলাৰ ৰহাৰ দক্ষিণপাট জলসিঞ্চন প্ৰকল্প পুনৰুজ্জীৱিত কৰাৰ নামত ঠিকাদাৰৰ লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে। পানীৰ অভাৱত ৰহাৰ দক্ষিণপাট অঞ্চলত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, পথাৰত চিৰাল ফাট দিেছ । সেই দক্ষিণপাট অঞ্চলতে এটা মৃতপ্ৰায় জলসিঞ্চন প্ৰকল্পক পুনৰুজ্জীৱিত কৰাৰ বিনিময়ত চৰকাৰে আবন্টন দিছিল প্ৰায় ৯৮ লক্ষাধিক টকা। সেই প্ৰকল্প নিৰ্মাণৰ কাম লাভ কৰিছিল বাবুল দাস আৰু দুলেন বেজবৰুৱা নামৰ দুজন ঠিকাদাৰে। কিন্তু কৃষৰ সমস্যাক হেয়জ্ঞান কৰি দুই খকুৱা ঠিকাদাৰে প্ৰকল্পটো পুনৰ্নিমাণৰ নামত চলালে লুণ্ঠন। যাৰ বাবে ২০২৩-২৪ বৰ্ষতে পুন নিৰ্মাণ কৰা দক্ষিণপাট জলসিঞ্চন প্ৰকল্পৰ পানীয়ে আজিও ঢুকি নাপালে খেতি পথাৰ।
এতিয়া পানীৰ অভাৱত মুৰে কপালে হাতল দিবলগীয়া হৈছে কৃষক ৰাইজে। যি মৃতপ্ৰায় দক্ষিণপাট জলসিঞ্চন প্ৰকল্প পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰে ৯৮ লক্ষাধিক টকা মোকলাই দিলে সেই প্ৰকল্পত ঠিকাদাৰ বাবুল দাসৰ কামৰ নমুনা দেখিলে চকু কপালত উঠিব সকলোৰে। নতুন পেনেল ব'ৰ্ড স্থাপনৰ বিপৰীতে স্থাপন কৰিছে মাত্ৰ দুটা চুইটচ্ সমান্তৰালভাৱে ভাৱে প্ৰকল্প গৃহত আজিও লাগি থাকিল পচি যোৱা কাথ আৰু পুৰণি টিং পাট ইয়াৰ ওপৰিও নতুনকৈ ড্ৰেইন নিৰ্মাণৰ বিপৰীতে ঠিকাদাৰ বাবুল দাসে পুৰণা ড্ৰেইনৰ জংঘল কাটিয়ে দ্বায়িত্ব সামৰি আদাই কৰিলে চৰকাৰী ধন। ইয়াৰ পূৰ্বেও বহুকেইটা প্ৰকল্পত লুণ্ঠনৰাজ চলোৱা অভিযোগ আছে বাবুল দাসৰ বিৰুদ্ধে। কেৱল ইমানেই নহয় বাবুল দাসৰ দম্ভালি আৰু ময়মতালিত অতিষ্ঠ বিভাগীয় বিষয়া কৰ্মচাৰী । মন্ত্ৰী পিযুষ হাজৰিকাৰ নিজ বিভাগ জলসিঞ্চন বিভাগতে কাৰ আশীৰ্বাদপুষ্ট হৈ এইদৰে বাবুল দাসে চলাইছে লুণ্ঠনৰাজ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ