বোকাখাতত পোহনীয়া আৰু পথৰ কুকুৰ চোৰৰ সন্ত্ৰাস
গোলাঘাট, ২৯ জুলাই (হি.স.)। বোকাখাতত পোহনীয়া আৰু পথৰ কুকুৰ চোৰৰ সন্ত্ৰাস। বিগত সপ্তাহত বোকাখাতৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন কৌশল অৱলম্বন কৰি চোৰে ধৰি লৈ গৈছে কেবাটাও কুকুৰ। বোকাখাত নগৰত বিভিন্ন কাৰণত আহত হোৱা পোহনীয়া জীৱ জন্তুৰ লগতে পদ পথৰ জীৱৰ
বোকাখাতত পোহনীয়া আৰু পথৰ কুকুৰ চোৰৰ সন্ত্ৰাস


গোলাঘাট, ২৯ জুলাই (হি.স.)। বোকাখাতত পোহনীয়া আৰু পথৰ কুকুৰ চোৰৰ সন্ত্ৰাস। বিগত সপ্তাহত বোকাখাতৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন কৌশল অৱলম্বন কৰি চোৰে ধৰি লৈ গৈছে কেবাটাও কুকুৰ।

বোকাখাত নগৰত বিভিন্ন কাৰণত আহত হোৱা পোহনীয়া জীৱ জন্তুৰ লগতে পদ পথৰ জীৱৰ চিকিৎসা প্ৰদানত সেৱা আগবঢ়াই থকা মধুস্মিতা গগৈৰ পোহনীয়া কুকুৰ লৈ গ'ল চোৰে। চোৰৰ কুকুৰ ধৰা কৌশল আৰু কাৰ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত। এই সন্দৰ্ভত বোকাখাত থানাত যুৱতী গৰাকীয়ে এজাহাৰ দাখিল কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande