
ধুবুৰী, ২৯ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত পাৰিবাৰিক সম্পৰ্কই লৈছে ভয়ংকৰ ৰূপ । ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে । পৰকীয়াৰ অভিযোগক লৈ তোলপাৰ লাগিছে গৌৰীপুৰ বৰুৱাপট্টী । স্বামীৰ বিৰুদ্ধে পত্নী নিনাস্মী কলিতাই আনিছে বিস্ফোৰক অভিযোগ ।
অভিযোগ অনুসৰি, যোৱা দুই-তিনি মাহ ধৰি তেওঁৰ স্বামী ধনঞ্জয় ৰায়ে নিনাস্মীৰে বৰদেউতাৰ পুত্ৰবধূ অনুভা ৰায়ৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হৈ আছিল । নিনাস্মীয়ে কয়, বহুবাৰ এই ক্ষেত্ৰত কাতৰ অনুৰোধ কৰাৰ পাছতো কথা শুনা নাই তেওঁৰ স্বামী ধনঞ্জয় ৰায়ে । শেষত উপায় নাপাই পিতৃয়ে গৌৰীপুৰ মহিলা সমিতি আৰু বিজেপি মহিলা মৰ্চাৰ ওচৰ নিজ কন্যাৰ এই পাৰিবাৰিক অশান্তিৰ বাবে অভিযোগ উত্থাপন কৰে । বিপদত পৰা এই পৰিয়াল সহমৰ্মিতা কৰাৰ বিপৰীতে ওলোটাই অপমানৰ সমুখীন হ’বলগীয়া হ’ল ।
অভিযোগ অনুসৰি, পুত্ৰবধূ অনুভা ৰায়ে নিনাস্মীৰ পিতৃক অকথ্য গালি-গালাজ কৰাৰ লগতে মাৰপিট কৰিবলৈও আগবাঢ়ি আহিছিল । নিনাস্মী কলিতা - মই মোৰ সংসাৰ ৰাখিব বিচাৰো। মোক ন্যায় লাগে। প্ৰশাসনে সঠিক তদন্ত কৰি দোষীক শাস্তি দিয়ক । ঘটনাই ইয়াতেই শেষ হোৱা নাই । প্ৰতি-অভিযোগ হিচাপে অনুভা ৰায়ে গৌৰীপুৰ আৰক্ষী থানাত নিনাস্মী কলিতাৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ