১৬ কোটি টকাৰ বান সাহায্যৰ সামগ্ৰী লৈ উজনিলৈ ৰাওনা বিজেপিৰ প্ৰতিনিধি দল
গুৱাহাটী, ২৯ জুলাই (হি.স.)। সেৱাই সংগঠন এই মূলমন্ত্ৰক আগত ৰাখি ভাৰতীয় জনতা পার্টি, অসম প্রদেশে আজিৰ পৰা ব্যাপক হাৰত বান সাহায্য অভিযান আৰম্ভ কৰিছে। যোৱা ১৯ তাৰিখে নাগালেণ্ডত হোৱা প্ৰৱল বৰষুণৰ ফলত এক অনাকাংক্ষিত আৰু অস্বাভাৱিক বানপানী সৃষ্টি হোৱাত উ
১৬ কোটি টকাৰ বান সাহায্যৰ সামগ্ৰী লৈ উজনিলৈ ৰাওনা বিজেপিৰ প্ৰতিনিধি দল


গুৱাহাটী, ২৯ জুলাই (হি.স.)। সেৱাই সংগঠন এই মূলমন্ত্ৰক আগত ৰাখি ভাৰতীয় জনতা পার্টি, অসম প্রদেশে আজিৰ পৰা ব্যাপক হাৰত বান সাহায্য অভিযান আৰম্ভ কৰিছে। যোৱা ১৯ তাৰিখে নাগালেণ্ডত হোৱা প্ৰৱল বৰষুণৰ ফলত এক অনাকাংক্ষিত আৰু অস্বাভাৱিক বানপানী সৃষ্টি হোৱাত উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চল ক্ষতিগ্রস্ত হয়। ফলত বহুজনৰ মৃত্যুৰ লগতে ২,১০১ খন গাঁৱৰ প্ৰায় ১১ লাখ লোকৰ সৈতে হাজাৰ হাজাৰ মানুহৰ ঘৰ-বাৰী নষ্ট হয়।

এনে অনাকাংক্ষিত দুর্যোগ এই জিলাকেইখনৰ ৰাইজে কেতিয়াও সম্মুখীন হোৱা নাছিল। বানপানী আৰম্ভ হোৱা দিনৰে পৰা বিজেপি দলৰ কাৰ্যকৰ্তাসকলে দুৰ্গত ৰাইজৰ কাষত থাকি বিভিন্ন প্ৰকাৰে সহায়-সহযোগ কৰি আহিছে। আমাৰ দল আৰু চৰকাৰে এই অভাৱনীয় পৰিস্থিতি অতি সোনকালে সুস্থিৰ অৱস্থালৈ ঘূৰাই আনিবলৈ বিভিন্ন পদেক্ষপ গ্রহণ কৰিছে। আজি বিজেপি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় বাজেপয়ী ভৱনৰ পৰা চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানাক্ৰান্ত লোকলৈ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা সংগ্ৰহ কৰা ১৬ কোটি টকাৰ বান সাহায্য লৈ বিজেপিৰ এটা প্রতিনিধি দলে ৰাওনা হৈছে।

এই দুয়োখন জিলাৰ উপৰিও যোৰহাট আৰু শেহতীয়াকৈ বানপানীয়ে প্ৰভাৱিত কৰা গোলাঘাট জিলালৈও ৰাজ্যিক বিজেপিয়ে বান সাহায্য আগবঢ়াব। বাজপেয়ী ভৱনৰ পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকীয়ো মন্ত্রী, বিজেপিৰ বিধায়ক আৰু দলৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এই বান সাহায্য সামগ্ৰীৰ অভিযানৰ শুভাৰম্ভণি কৰে। এই সামগ্ৰীসমূহৰ ভিতৰত ১ লাখ ৮০ হাজাৰ মেখেলা-চাদৰ, ১ লাখ ৮০ হাজাৰ শিশুৰ টি-চার্ট, ১ লাখ ৫০ হাজাৰ আঠুৱা প্ৰেৰণ কৰা হৈছে। এই সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা দুর্যোগে সৰ্বসাধাৰণ ৰাইজক দূৰৰ্দশাৰ মুখলৈ ঠেলি দিয়াৰ লগতে বর্তমান আৰু ভৱিষ্যতক লৈ সংকটত পৰিছে। এই সংকটত পৰা লোকসকলক চৰকাৰে সকলো প্ৰকাৰৰ সহায় কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। বান সাহয্যত নামি পৰা অসমৰ দল-সংগঠন, এনজিঅ তথা ব্যক্তিগতভাৱেও বিভিন্ন প্ৰকাৰে সহায় কৰাৰ বাবে মুখ্যমন্ত্রী গৰাকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে বানাক্ৰান্ত ৰাইজক সকাহ দিবৰ বাবে ঘোষণা কৰা বিভিন্ন আর্থিক সহযোগিতা, বানত প্ৰাণ হেৰুওৱাসকলৰ নিকটাত্মীয়লৈ ৪ লাখ টকা আর্থিক চৰকাৰী সাহায্যৰ সৈতে ৫ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা সৰ্বমুঠ ৯ লাখ টকা, নিৰুদ্দিষ্টসকলৰ বাবে এমাহৰ পাছত সম অনুদান প্রদান কৰা, ৩ আগষ্টৰ বিপৰীতে ১ আগষ্টত বানপীড়িত পৰিয়ালসমূহৰ বাবে বিশেষ অৰুণোদয় ২৫০০ টকা প্রদান, শিক্ষার্থীসকলক বিনামূলীয়া পাঠ্যপুথি বিতৰণ, উচ্চতৰ মাধ্যমিকৰ শিক্ষার্থীৰ বাবে ১০০০ টকা, স্নাতকৰ শিক্ষাৰ্থীৰ বাবে ৩০০০ টকা, স্নাতকোত্তৰৰ শিক্ষাৰ্থীৰ বাবে ৫০০০ টকা প্রদান, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া ইউনিফর্ম প্রদান আৰু বানত হেৰুওৱা ছাত্র-ছাত্ৰীৰ বিদ্যায়তনিক নথিৰ প্ৰতিলিপি বিনামূলীয়া প্রদান কৰিব।

লগতে বান প্ৰভাৱিত ৪ খন জিলাৰ লোকলৈ ১৭,৫০০ টকা তৎকালীন সহায়, ১৫,০০০ টকা প্রতিটো ভূক্তভোগী পৰিয়াললৈ প্ৰদান কৰা। ইয়াৰ উপৰিও বান বিধস্ত ৰাইজৰ বিভিন্ন বেংকত থকা ঋণসমূহ কিষ্টি প্রদান কৰাত বিশেষ সহযোগিতা আগবঢ়াব বাবে মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্রীয় বিত্তমন্ত্রী মাননীয়া নির্মলা সীতাৰমন ডাঙৰীয়ানীৰ নিৰ্দেশমৰ্মে অহা কাইলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ সকলো বেংকৰ সৈতে বৈঠকত মিলিত হ'ব। এই বান সাহায্য পুঁজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ দান বৰঙণিৰে সংগ্ৰহ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে বক্তব্যত অৱগত কৰে। লগতে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মুখ্যমন্ত্রী গৰাকীক এই দুৰ্যোগৰ সময়ত লোৱা ইতিবাচক পদক্ষেপসমূহৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ লগতে দলৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাক এই দুৰ্যোগৰ সময়ত কার্যকর্তাসকলে প্রথম দিনাৰ পৰাই বানপীড়িত ৰাইজক উদ্ধাৰ অভিযান, বান সাহায্য দিয়া আদি কৰি তেওঁলোকৰ বিভিন্নধৰণে বানাক্ৰান্ত ৰাইজক সহায়-সহযোগিতা কৰি অহাৰ বাবে কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও অনাগত দিনতো এই পৰিস্থিতিৰ সাধাৰণ অৱস্থালৈ ঘূৰি নহালৈকে দুর্দশাগ্রস্ত ৰাইজৰ সৈতে থিয় হৈ থাকিবলৈ কাৰ্যকৰ্তাসকলক অনুৰোধ জনায়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande