
বৰপেটা, ২৯ জুলাই (হি.স.)। বৰপেটা জিলাৰ
বৰপেটাৰোডৰ সমীপৰ হটাপাৰাত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা | অচিনাক্ত বাহনে খুন্দা মাৰি পেলাই থৈ গ'ল এজন পথচাৰী যুৱকক |
মৃত যুৱকজনৰ এতিয়ালৈকে পৰিচয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে |
জানিব পৰা মতে, এখন দুচকীয়া বাহনে লোকজনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
প্ৰাতঃভ্ৰমণলৈ অহা কেবাজনো লোকে পথৰ কাষত লোকজনক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখি তৎক্ষণাত আৰক্ষীক খবৰ দিয়ে ।
লগে লগে শিমলাগুৰি পহৰা চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা