
বৰপেটা, ২৯ জুলাই (হি.স.)। বৰপেটাৰোডৰ ভালুকী গাঁৱৰ এখন ফাৰ্মাচীত নিচাজাতীয় সামগ্ৰী জব্দৰ ঘটনাক লৈ নিশা উত্তেজনাৰ সৃষ্টি হয় |
বৰপেটাৰোড আৰক্ষীৰ সহযোগত ৬৪ নং চি আৰ পি এফ (CRPF) বাহিনীয়ে ভালুকী বজাৰত অৱস্থিত 'ৰাজু মেডিকেল' নামৰ ফাৰ্মাচীখনত অভিযান চলাই মঙলবাৰে নিশা জব্দ কৰিছিল ৫০০ গ্ৰাম মৰফিন, ৯৬০টা ট্ৰামাডল টেবলট আৰু নাইট্ৰাজেপামকে ধৰি বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য ।
আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী বিক্ৰীৰ অভিযোগত ফাৰ্মাচীৰ মালিক নুৰুল আমিনক আটক কৰে যদিও ইয়াকে লৈ সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ।
ইফালে
গাঁওবাসীয়ে জনোৱামতে, ফাৰ্মাছীৰ মালিক নুৰুল আমিন স্থানীয় গাঁওৰক্ষী বাহিনীৰ সভাপতি |
সেইসূত্ৰে আটকাধীন নুৰুল আমিনে অঞ্চলটোত ড্ৰাগছ বিৰোধী আন্দোলন চলাই আহিছিল |
ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে মাত মতাৰ বাবেই কোনো দুষ্ট চক্ৰই ফাৰ্মাচীখনত গোপনে উক্ত নিচাজাতীয় সামগ্ৰীসমুহ থৈ নুৰুল আমিনৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ তুলিছে ৰাইজে |
এই ঘটনাক লৈ ভালুকী বজাৰত শতাধিক লোক সমবেত হৈ ঘটনাটোৰ উচিত তদন্ত দাবী কৰে |
ইপিনে নুৰুল আমিন ষড়যন্ত্ৰৰ বলি হ'ল নে ড্ৰাগছ ব্যৱসায়ী বিৰোধী স্থিতিৰ আৰালত নিজেই ড্ৰাগছৰ বেহাত জৰিত হৈ আছিল সেই কথা নিশ্চয় আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব বুলি আশা কৰা হৈছে |
উল্লেখ্য যে, ফাৰ্মাছী সমুহত চিচি কেমেৰা থকাটো বাধ্যতামুলক যদিও ফাৰ্মাছীখনত নাছিল কোনো চিচি কেমেৰা |
এই কথায়ো ঘটনাটোক ৰহস্যজনক কৰি তুলিছে |
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা