বাণ আক্ৰান্তক সাহাৰ্য্যৰ বাবে তেজপুৰৰ অসমীয়া ক্লাবৰ ২ লাখ ২৩ হেজাৰ টকা প্ৰদান
শোণিতপুৰ, ২৯ জুলাই (হি.স.)। বৰ্তমান সময়ত প্ৰাকৃতিক দুৰ্যোগ বানৰ কবলত পৰি অসমৰ তিনিখন জিলাৰ জনসাধাৰণৰ অবৰ্ণনীয় দুখ দুৰ্দশাই শোণিতপুৰ জিলাৰ তেজপুৰৰ শতবৰ্ষ গৰকা সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়াৰ অগ্ৰণী অনুষ্ঠান অসমীয়া ক্লাবৰ সদস্য সকলকো ব্যথিত কৰি তুলিছ
বাণ আক্ৰান্তক সাহাৰ্য্যৰ বাবে তেজপুৰৰ অসমীয়া ক্লাবৰ ২ লাখ ২৩ হেজাৰ টকা প্ৰদান


শোণিতপুৰ, ২৯ জুলাই (হি.স.)। বৰ্তমান সময়ত প্ৰাকৃতিক দুৰ্যোগ বানৰ কবলত পৰি অসমৰ তিনিখন জিলাৰ জনসাধাৰণৰ অবৰ্ণনীয় দুখ দুৰ্দশাই শোণিতপুৰ জিলাৰ তেজপুৰৰ শতবৰ্ষ গৰকা সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়াৰ অগ্ৰণী অনুষ্ঠান অসমীয়া ক্লাবৰ সদস্য সকলকো ব্যথিত কৰি তুলিছে। ক্লাবে বানপানীত ক্ষতিগ্ৰস্ত লোক সকলৰ দুখ দুৰ্দশাত কাতৰ হৈ তেখেত সকলক কিছু সহায় আগ বঢ়োৱাৰ সিদ্ধান্ত লৈ সদস্য বৃন্দৰ পৰা সংগৃহিত ধন ২,২৩,১০১'০০(দুই লাখ তেইশ হাজাৰ এশ এটকা)টকা মূল্যৰ সামগ্ৰী বিপদৰ সন্মুখীন হোৱা লোক সকলৰ মাজত বিতৰণ ব্যবস্থাৰ সহায়ৰ বাবে আইন সেৱা প্ৰাধিকৰণ, শিবসাগৰৰ সচিবৰ লগত ক্লাবৰ উপদেষ্টা অবসৰ প্ৰাপ্ত জিলা ন্যায়াধীশ অৰুনা দেবীয়ে যোগাযোগ কৰে।

শিৱসাগৰ আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু হাইকৰ্টৰ পৰা অৰুণা দেবীৰ সহযোগত অনুমতি পোৱাৰ পৰিপেক্ষিত্বত আৰু ক্লাবৰ আবেদনত অনুমোদন জনোৱাত উক্ত ধন ৰাশি জিলা আইন সেৱা প্ৰাধিকৰণ ,শিৱসাগৰৰ বেংক একাউণ্টত ইং২৮।০৭।২৬ তাৰিখে জমা দিয়া হয়। এই ধনেৰে ক্ষতিগ্ৰস্ত লোক সকলৰ প্ৰয়োজনীয় সামগ্ৰী খাদ্য, বস্ত্ৰ, চাবোন, ফেনাইল, ঔষধ আদি ক্ৰয় কৰি বিতৰণৰ সু-ব্যবস্থা প্ৰাধিকৰণে কৰিব বুলি ক্লাবক অবগত কৰে।ক্লাবৰ ফালৰ পৰা যি সমূহ অঞ্চলৰ ক্ষতিগ্ৰস্ত লোকে এতিয়াও সাহাৰ্য্য সামগ্ৰী লাভ কৰা নাই সেই অঞ্চল সমূহ চিনাক্ত কৰি সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰাৰ বাবে কৰা অনুৰোধৰ প্ৰতি সহাঁৰি জনাই প্ৰাধিকৰণে তেনে ব্যবস্থাই গ্ৰহণ কৰিব বুলি জনোৱাত ক্লাবৰ সদস্য বৃন্দৰ হৈ শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকৰণক সভাপতি পংকজ কুমাৰ বৰা আৰু সম্পাদক ভূপেন শৰ্মাই কৃতজ্ঞতা জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande