
গুৱাহাটী, ২৯ জুলাই (হি.স.)। অসমৰ বানপীড়িত ঋণগ্ৰহণকাৰীক সাহায্য প্ৰদানৰ বাবে এপেক্স বেংক লিমিটেডে এক বিশেষ ৰিপেমেণ্ট প্লেন ঘোষণা কৰিছে।
এই পৰিকল্পনাৰ অধীনত ঋণ লোৱাসকলে অহা ছমাহৰ বাবেহে সুত দিব লাগিব। এই সময়ছোৱাত মূল কিস্তিৰ পৰিশোধ পিছুৱাই দিব পাৰি।
বানপীড়িত গ্ৰাহকক সাময়িক আৰ্থিক সকাহ প্ৰদানৰ বাবে বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত তেওঁলোকে প্ৰাকৃতিক দুৰ্যোগৰ পিছত হোৱা আৰ্থিক চাপৰ পৰা কিছু পৰিমাণে আৰোগ্য লাভ কৰিব পাৰিব। এই সুবিধা কেৱল এপেক্স বেংক লিমিটেডৰ পৰা ঋণ লোৱা যোগ্য গ্ৰাহকৰ বাবেহে উপলব্ধ হ’ব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ