শিৱসাগৰ আৰু চৰাইদেউ জিলা উদ্ধাৰৰ বাবে চৰকাৰে দহ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰক– সদৌ তাই আহোম ছাত্ৰ সন্থা
শিৱসাগৰ, ২৯ জুলাই (হি.স.)। শিৱসাগৰ আৰু চৰাইদেউ জিলা উদ্ধাৰৰ বাবে চৰকাৰে দহ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰক। এই দাবী সদৌ তাই আহোম ছাত্ৰ সন্থাৰ। শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বই এক সংবাদমেলৰ আহ্বান জনায় এই দাবী কৰে।। সন্থাৰ কেন্দ্ৰীয় সভ
শিৱসাগৰ আৰু চৰাইদেউ জিলা উদ্ধাৰৰ বাবে চৰকাৰে দহ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰক– সদৌ তাই আহোম ছাত্ৰ সন্থা


শিৱসাগৰ, ২৯ জুলাই (হি.স.)। শিৱসাগৰ আৰু চৰাইদেউ জিলা উদ্ধাৰৰ বাবে চৰকাৰে দহ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰক। এই দাবী সদৌ তাই আহোম ছাত্ৰ সন্থাৰ। শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বই এক সংবাদমেলৰ আহ্বান জনায় এই দাবী কৰে।।

সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সংবাদ মেল সম্বোধন। উজনি অসমত বানৰ তাণ্ডবক লৈ সংবাদমেল আয়োজন।শিৱসাগৰ আৰু চৰাইদেউ জিলাক এই অৱস্থা পাবলৈ ৫০ বছৰ লাগিল।আজি নিমিষতে সকলো শেষ হৈ গল।দিখৌ,দৰিকা আদি নদীৰ পানী কিয় হ্ৰাস নোপোৱা হল।

মথাউৰি সমূহ সময়মতে নিৰ্মাণ কৰা নহল? এনে পৰিৱেশৰ পাছত কোনে এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাক কোনে ৰক্ষা কৰিব?শিৱসাগৰ আৰু চৰাইদেউ জিলাক ৰক্ষা কৰিবৰ বাবে প্ৰায় পাঁচ হাজাৰ কোটি টকা কোনে দিব?যদি নাগালেণ্ডত কয়লা আৰু শিল খননৰ ফলত এই দুখন জিলাত এই অৱস্থা হল আৰু বিজ্ঞানসন্মত ভাৱে যদি এই কথা প্ৰমাণিত হয় তেন্তে ৰাইজ ৰাজপথলৈ ওলাই আহিব।চৰকাৰে আমাক গুলীয়াই মাৰিলেও মাৰিব জেলত দিলেও দিব কিন্তু এখনো শিল আৰু কয়লাৰ বাহন আমি পাৰ হবলৈ নিদিওঁ।চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলা উদ্ধাৰৰ বাবে চৰকাৰে দহ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰক।সকলো শেষ হৈ গল ।ইয়াৰ বাবে চৰকাৰৰ বহু গাফিলতি আছে।অনাগত সময়ত যদি চৰকাৰে সময়োপযোগী ব্যবস্থা নলয় তেন্তে সমগ্ৰ উজনি অসম কঁপিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande