(আপডেট) মঙলদৈ নদীত পুনৰ উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ
দৰং, ২৯ জুলাই (হি.স.)। মঙলদৈ নদীত পুনৰ উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ।নদীত ওপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।মৃতদেহটো মঙলদৈ শান্তিপাৰা ১ নং ৱাৰ্ডৰ কৰুণা দাসৰ বুলি চিনাক্ত কৰে ৰাইজে। উল্লেখযোগ্য যে ষ্টেট বেংক অফ ইণ্ডিয়াৰ মঙলদৈ শাখাত অ
(আপডেট) মঙলদৈ নদীত পুনৰ উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ


দৰং, ২৯ জুলাই (হি.স.)। মঙলদৈ নদীত পুনৰ উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ।নদীত ওপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।মৃতদেহটো মঙলদৈ শান্তিপাৰা ১ নং ৱাৰ্ডৰ কৰুণা দাসৰ বুলি চিনাক্ত কৰে ৰাইজে।

উল্লেখযোগ্য যে ষ্টেট বেংক অফ ইণ্ডিয়াৰ মঙলদৈ শাখাত অস্থায়ী কৰ্মচাৰী হিচাবে আছিল কৰুণা দাস।কালি পুৱাৰ ভাগত প্ৰাত:ভ্রমনলৈ ওলাই অহাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল।দুদিনপূর্বে মঙলদৈ নদীত দুজনকৈ স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছিল।আজি পুনৰ এজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে শোকাকূল পৰিবেশে বিৰাজ কৰে মঙলদৈত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande