
ধুবুৰী , ২৯ জুলাই (হি.স.)। তামাৰহাটৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় আক্ৰাছুৰ ৩৬তম প্ৰতিষ্ঠা দিৱস। ১৯৯০ চনৰ ২৯ জুলাইত প্ৰতিষ্ঠা লাভ কৰা আক্ৰাছুৰ ৩৬তম প্ৰতিষ্ঠা দিৱস ধুবুৰীৰ তামাৰহাটৰ বিভিন্নত প্ৰান্তত পালন কৰা হয়।
তামাৰহাট,পাগলাহাট, বৰচৰাইখোলাৰ লগতে অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ উদ্যোগতো কেন্দ্ৰীয়ভাৱে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনৰ পতাকা উত্তোলন, প্ৰতিষ্ঠাতা সদস্য সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ