বানাক্ৰান্তৰ বাবে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, মৃতকৰ পৰিয়ালে লাভ কৰিব মুঠ ₹৯ লাখ
গুৱাহাটী, ২৯ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে বানপীড়িত লোকসকলৰ বাবে কেইবাটাও উল্লেখযোগ্য সাহায্য ব্যৱস্থাৰ কথা ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বানত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ পৰিয
Image of the Assam CM Dr Himanta Biswa Sarma Facebook Live.


গুৱাহাটী, ২৯ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে বানপীড়িত লোকসকলৰ বাবে কেইবাটাও উল্লেখযোগ্য সাহায্য ব্যৱস্থাৰ কথা ঘোষণা কৰে৷

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বানত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ পৰিয়ালে মুঠ ₹৯ লাখ আৰ্থিক সাহায্য লাভ কৰিব। ইয়াৰ ভিতৰত ৰাজ্য চৰকাৰৰ পৰা ৪ লাখ ₹ আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও ৫ লাখ টকা লাভ কৰিব । এই সাহায্যৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ প্ৰয়োজন নহ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

ড০ শৰ্মাই উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এতিয়ালৈকে উদাৰ ব্যক্তি আৰু সংগঠনৰ পৰা ২৬.৫৮ কোটি টকাৰ বৰঙণি লাভ কৰা হৈছে।

বানত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ মাৰ্কশ্বীট আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহে বিদ্যালয়ৰ ইউনিফৰ্ম ক্ৰয় আৰু বিনামূলীয়া পাঠ্যপুথি পুনৰ বিতৰণৰ বাবে অতিৰিক্ত ধন লাভ কৰিব।

মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ আৰ্থিক সাহায্যৰ কথাও ঘোষণা কৰে। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীয়ে ১,০০০ ₹, স্নাতক ছাত্ৰ-ছাত্ৰীয়ে ৩,০০০ ₹, আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে ৫,০০০ ₹ লাভ কৰিব।

বানপানীৰ ফলত যিসকল পৰিয়ালৰ ঘৰ, পুখুৰী, হস্ততাঁত, কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে, সেই পৰিয়ালসমূহেও চৰকাৰৰ পৰা উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব বুলিও তেওঁ কয়। উজনি অসমৰ বানাক্ৰান্ত পৰিয়ালসমূহে তাৎক্ষণিক সাহায্য হিচাপে ১৫ হাজাৰ ₹ লাভ কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক বহী অথবা বিদ্যালয়ৰ লগত জড়িত আন আন সামগ্ৰী কিনাৰ বাবে চৰকাৰে প্ৰদান কৰিব ১৫ হাজাৰকৈ টকা। এই ধনৰাশি তিনি-চাৰি দিনৰ ভিতৰত পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ’ব।

তদুপৰি শিৱসাগৰ, চৰাইদেউ, যোৰহাট, আৰু গোলাঘাট জিলাৰ অৰুণোদয় যোজনাৰ হিতাধিকাৰীয়ে ১,২৫০ ₹ৰ পৰিৱৰ্তে ২,৫০০ ₹ লাভ কৰিব। এই ধনৰাশি ৩ আগষ্টৰ পৰিৱৰ্তে ১ আগষ্টত তেওঁলোকৰ একাউণ্টত জমা কৰা হ’ব।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande