১ আগষ্টৰ পৰা অৰুণোদয়ৰ ৩৭.১ লাখ আইমাতৃ-ভগ্নীয়ে ১,২৫০ টকাকৈ লাভ কৰিব-মুখ্যমন্ত্ৰী
গুৱাহাটী, ২৯ জুলাই (হি.স.)। ১ আগষ্টৰ পৰা অৰুণোদয়ৰ ৩৭.১ লাখ আইমাতৃ-ভগ্নীয়ে ১,২৫০ টকাকৈ লাভ কৰিব। এই মন্তব্য মুখ্যমন্ত্ৰী ড . হিমন্ত বিশ্ব শৰ্মাৰ। আজি জিলাসমূহৰ জিলা আযুক্তসকলৰ সৈতে ভাৰ্চুৱেলী বাৰ্তালাপ কৰি তেওঁ এই কথা কয়। তেওঁ কয়, আগষ্ট মাহ— অসমৰ
এক বৈঠকত অংশগ্ৰহণ কৰি মুখ্য়মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু সতীৰ্থ মন্ত্ৰীসকল


গুৱাহাটী, ২৯ জুলাই (হি.স.)। ১ আগষ্টৰ পৰা অৰুণোদয়ৰ ৩৭.১ লাখ আইমাতৃ-ভগ্নীয়ে ১,২৫০ টকাকৈ লাভ কৰিব। এই মন্তব্য মুখ্যমন্ত্ৰী ড . হিমন্ত বিশ্ব শৰ্মাৰ। আজি জিলাসমূহৰ জিলা আযুক্তসকলৰ সৈতে ভাৰ্চুৱেলী বাৰ্তালাপ কৰি তেওঁ এই কথা কয়।

তেওঁ কয়, আগষ্ট মাহ— অসমৰ জনসাধাৰণৰ কল্যাণমূলক যাত্ৰাত এক নতুন অধ্যায়ৰ সূচনা কৰিব। ৰাজ্যৰ লাখ লাখ পৰিয়াল, মহিলা, ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ জীৱনত ইতিবাচক পৰিবৰ্তন আনিবলৈ একাধিক জনকল্যাণমূলক আঁচনি নতুন উদ্যমেৰে ৰূপায়ণ কৰা হ'ব। এই লক্ষ্যৰে আজি সমূহ জিলাৰ জিলা আয়ুক্তসকলৰ সৈতে অনুষ্ঠিত ভিডিঅ' কনফাৰেঞ্চত বিভিন্ন আঁচনিৰ সঠিক, সময়ানুক্রমিক আৰু ১০০% ৰূপায়ণ নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়।

১ আগষ্টৰ পৰা অৰুণোদয় : ৩৭.১ লাখ আইমাতৃ-ভগ্নীয়ে ১,২৫০ টকাকৈ লাভ কৰিব। আনহাতে বানপীড়িত অঞ্চলৰ হিতাধিকাৰীয়ে ২,৫০০ টকাকৈ লাভ কৰিব। একে সময়তে আঁচনিৰ সুচল ৰূপায়ণৰ অৰ্থে অৰুণোদয় সহায়কসকলকো নিয়োজিত কৰা হ'ব।

নিযুত মইনা আৰু নিযুত বাবু : আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা ধ্বজাবাহী আঁচনি দুখনৰ আবেদনপত্ৰ বিতৰণ আৰম্ভ হ'ব। অক্টোবৰ মাহত ৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক ৩০০ কোটিতকৈ অধিক টকাৰ আৰ্থিক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে এই আঁচনিসমূহ ৰূপায়ণ কৰা হ'ব, যাতে তেওঁলোকৰ শিক্ষা জীৱন অধিক সুদৃঢ় হয়।

ৰাজসাহায্যযুক্ত ৰেচন সামগ্রী : ১০ আগষ্টৰ পৰা ৭০ লাখতকৈ অধিক হিতাধিকাৰীৰ বাবে ৰেচন কাৰ্ডৰ বিপৰীতে মাত্ৰ ১০০ টকাত বিনামূলীয়া ৰেচনৰ লগতে ১ কিল’গ্ৰাম মচুৰ দাইল আৰু ১ কিল'গ্ৰাম চেনি প্ৰদানৰ ব্যৱস্থাও পুনৰ আৰম্ভ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয়, আমাৰ অগ্ৰাধিকাৰ স্পষ্ট—প্ৰত্যেকগৰাকী যোগ্য হিতাধিকাৰীৰ ওচৰলৈ চৰকাৰী আঁচনিৰ সুবিধা সময়মতে, স্বচ্ছভাৱে আৰু কোনো অসুবিধা নোহোৱাকৈ প্রদান কৰা। জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ এই যাত্ৰাত ৰাজ্য চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande