
বাক্সা, ২৯ জুলাই (হি.স.)। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাক্সাৰ খামাৰদৈছাত আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস উদযাপন*
শালবাৰী: ২৯ জুলাই
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাক্সা জিলাৰ খামাৰদৈছাত আজি দিনজোৰা কাৰ্যসূচীৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ, মানাহ মাউজিগেন্দ্ৰি ইক'ট্যুৰিজিম ছ'ছাইটি আৰু আৰণ্যকৰ যুটীয়া উদ্যোগত আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয়।
এই উপলক্ষে আজি পুৱা এটি চাইকেল সমদল উলিওৱা হয়। ইয়াৰ পিছত দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত সজাগতা সভাত খামাৰদৈছা হাইস্কুলৰ প্ৰধান শিক্ষক সমৰ বসুমতাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । সজাগতা সভাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ ৰেঞ্জাৰ মৃণাল জ্যোতি দৈমাৰী, আৰণ্যকৰ তৰফৰ পৰা বিনীতা ভাৰতীকে আদি কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁৱৰ কেবাগৰাকী গাঁৱবুঢ়া আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
বাইট---মৃণাল জ্যোতি দৈমাৰী, ৰেঞ্জাৰ,ভূঞাপাৰা ৰেঞ্জ, মানাহ ৰাষ্ট্ৰীয় উদ্যান।
শালবাৰীৰ পৰা কৃষ্ণ সূত্ৰধৰৰ ৰিপোৰ্ট প্ৰতিদিন টাইম।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা