
গুৱাহাটী, ২৯ জুলাই (হি.স.)। অসমৰ কেইবাটাও অঞ্চলত বিদ্যমান বান পৰিস্থিতিৰ ফলত প্ৰভাৱিত যাত্ৰীসকলৰ সুবিধাৰ্থে আৰু ৰে'ল যাত্ৰা অব্যাহত ৰাখিবলৈ উত্তৰ-পূব সীমান্ত ৰে'লৱেই তিনিচুকীয়া, লামডিং আৰু ৰঙিয়়া মণ্ডলত চলাচল কৰা ছয় যোৰ বিশেষ ৰে'ল (মুঠ ১২ খন ৰে'ল) ৰ চলাচলৰ সময়সীমা সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই বিশেষ ৰে'লসমূহ হ'ল— ৰেল নং. ০৫৮৩১/০৫৮৩২ (মৰিয়নি–ৰঙিয়া–মৰিয়নি), ৰেল নং. ০৫৯১১/০৫৯১২ (তিনিচুকীয়া–ভজো– নিউ তিনিচুকীয়া), ৰেল নং. ০৫৯১৩/০৫৯১৪ (নিউ তিনিচুকীয়া–মৰাণহাট–তিনিচুকীয়া), ৰেল নং ০৫৯৩২/০৫৯৩১ (ডিব্ৰুগড়–কলকাতা–ডিব্ৰুগড়), ৰেল নং. ০৭৬৪১/০৭৬৪২ (লামডিং–মৰিয়নি–লামডিং) আৰু ৰেল নং. ০৭৬৪৩/০৭৬৪৪ (লামডিং–মৰিয়নি–লামডিং)।এই সকলো বিশেষ ৰে'ল বিদ্যমান সময়সূচী, চলাচলৰ সময়, কম্পোজিচন আৰু নিৰ্ধাৰিত ষ্টপেজসমূহ অনুসৰি চলাচল কৰি বান পৰিস্থিতিৰ সময়ছোৱাতো যাত্ৰীসকলৰ সুবিধাজনক যাত্ৰা নিশ্চিত কৰিব।
ৰেল নং. ০৫৮৩১ (মৰিয়নি–ৰঙিয়া) আৰু ০৫৮৩২ (ৰঙিয়া–মৰিয়নি) বিশেষ ৰে'লৰ সেৱা ৩১ জুলাই, ২০২৬ তাৰিখে এটাকৈ অতিৰিক্ত ট্ৰিপৰ বাবে বৃদ্ধি কৰা হৈছে। একেদৰে, ৰেল নং. ০৫৯১১ (তিনিচুকীয়া–ভজো) আৰু ৰেল নং. ০৫৯১২ (ভজো–নিউ তিনিচুকীয়া) বিশেষ ৰে'লৰ সেৱা ৩০ আৰু ৩১ জুলাই, ২০২৬ তাৰিখে দুটাকৈ অতিৰিক্ত ট্ৰিপৰ বাবে বৃদ্ধি কৰা হৈছে। আনহাতে, ৰেল নং. ০৫৯১৩ (নিউ তিনিচুকীয়া–মৰাণহাট) আৰু ৰেল নং. ০৫৯১৪ (মৰাণহাট–তিনিচুকীয়া) বিশেষ ৰে'লৰ সেৱা ২৯ জুলাইৰ পৰা ৩১ জুলাই, ২০২৬ লৈ তিনিটাকৈ অতিৰিক্ত ট্ৰিপৰ বাবে বৃদ্ধি কৰা হৈছে।
ইয়াৰ উপৰিও, ৰেল নং. ০৭৬৪১ (লামডিং–মৰিয়নি) আৰু ৰেল নং. ০৭৬৪২ (মৰিয়নি–লামডিং) বিশেষ ৰে'লৰ সেৱা ২৯ জুলাইৰ পৰা ৩১ জুলাই, ২০২৬ লৈ তিনিটাকৈ অতিৰিক্ত ট্ৰিপৰ বাবে বৃদ্ধি কৰা হৈছে। আনহাতে, ৰেল নং. ০৭৬৪৩ (লামডিং–মৰিয়নি) বিশেষ ৰে'লৰ সেৱা ৩০ আৰু ৩১ জুলাই, ২০২৬ তাৰিখে দুটাকৈ অতিৰিক্ত ট্ৰিপৰ বাবে বৃদ্ধি কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত ৰেল নং. ০৭৬৪৪ (মৰিয়নি–লামডিং) বিশেষ ৰে'লৰ সেৱা ৩১ জুলাই আৰু ১ আগষ্ট, ২০২৬ তাৰিখে দুটাকৈ অতিৰিক্ত ট্ৰিপৰ বাবে বৃদ্ধি কৰা হৈছে।
দূৰণীবটিয়া যাত্ৰীসকলৰ সুবিধাৰ্থে ৰেল নং. ০৫৯৩২ (ডিব্ৰুগড়–কলকাতা) আৰু ৰেল নং. ০৫৯৩১ (কলকাতা–ডিব্ৰুগড়) বিশেষ ৰে'ল দুখনৰ সেৱাও পাঁচটাকৈ অতিৰিক্ত ট্ৰিপৰ বাবে বৃদ্ধি কৰা হৈছে। ৰেল নং. ০৫৯৩২ বিশেষ ৰে'ল ১ আগষ্টৰ পৰা ২৯ আগষ্ট, ২০২৬ লৈ প্ৰতি শনিবাৰে চলিব আৰু ৰেল নং. ০৫৯৩১ বিশেষ ৰে'ল ৩ আগষ্টৰ পৰা ৩১ আগষ্ট, ২০২৬ লৈ প্ৰতি সোমবাৰে চলাচল কৰিব।
ইয়াৰ লগতে, ৩ আগষ্ট, ২০২৬-ৰ পৰা ৰেল নং. ০৫৯৩১ (কলকাতা–ডিব্ৰুগড়) বিশেষ ৰে'লখন ৰঙিয়া ৰে'ল ষ্টেচনত পূৰ্বৰ নিৰ্ধাৰিত সময়সূচীৰ সংশোধন কৰা হৈছে। সংশোধিত সময় অনুসৰি, ৰে'লখন ২০:৩০ বজাত ৰঙিয়াত উপস্থিত হ'ব আৰু ২০:৪০ বজাত ৰঙিয়াৰ পৰা প্ৰস্থান কৰিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী