
যোৰহাট, ২৮ জুলাই (হি.স.)। টীয়ক সমষ্টিৰ বাঁহফলা ৰাইজৰ মহানুভৱতা। নিজৰ উৎপাদিত শাক-পাচলিৰে বান সাহাৰ্য কৰিছে প্ৰদান।
সমগ্ৰ যোৰহাট জিলা এতিয়া বানপানীৰ বিভীষিকাৰ কৱলত।বান পৰিস্থিতি কিছু হ্ৰাস পাইছে যদিও বানাক্ৰান্তৰ ন ন সমস্যা আৰম্ভ হৈছে।তাৰ মাজতে টীয়ক সমষ্টিৰ অন্তৰ্গত বাঁহফলা অঞ্চলৰ ৰাইজে উৎপাদন কৰা বিভিন্ন শাক-পাচলি কৃষকৰ পৰা সংগ্ৰহ আৰু কিছুসংখ্যক নূন্যতম মূল্যত ক্ৰয় কৰি বাঁহফলা যুৱ সংঘই আজি টীয়কৰ সোনাৰী মিচিং গাঁৱত বানাক্ৰান্তৰ মাজত বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিছে।তেওঁলোকৰ মতে বৰ্তমান উক্ত অঞ্চলত যথেষ্ট বাম খেতি কৰা হৈছে সেয়ে বানাক্ৰান্তৰ বাবে কিঞ্চিত সহায় হিচাপে নিজৰ উৎপাদিত সামগ্ৰী বিতৰণ কৰি ৰাইজক সহায় কৰিবলৈ এইদৰে এটুপিসহ উপস্থিত হৈছে আৰু এই কৰ্মই অতিকৈ আনন্দিত কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু