


তামুলপুৰ, ২৮ জুলাই (হি.স.)। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত যোৱা ১৪ জুলাইৰ পৰা তামুলপুৰ জিলাৰ ৪৩-তামুলপুৰ (জনজাতি) আৰু ৪৪-গোৰেশ্বৰ বিধানসভা সমষ্টিৰ মুঠ চাৰি ঠাইত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ সামৰণী অনুষ্ঠান আজি তামুলপুৰৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাপটত অনুষ্ঠিত হয়। অনুষ্ঠান মুকলি কৰে সহকাৰী জিলা আয়ুক্ত কুনাল পাঠকে। অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী পেন্সনাৰ দেৱেন পাঠক আৰু বিশ্বনাথ দাস; সংগীত শিল্পী গিৰীশ চন্দ্ৰ মহন্ত আৰু অৱনী মহন্ত; সাংস্কৃতিক বিষয়া সিদ্ধাৰ্থ কুমাৰ দাস আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাক একোখন ফুলাম গামোচাৰে আয়োজক সমিতিয়ে সম্বৰ্ধনা জনায়। পোন্ধৰদিনীয়া এই গ্ৰীষ্মকালীন কৰ্মশালা ৪টা শাখাত অনুষ্ঠিত হয়।
অসম নাট্য সন্মিলন, তামুলপুৰ শাখাই নাট, জ'নছ মিউজিক একাডেমীয়ে গীত, দুলাৰাই বড়ো হাৰিমু আফাদে বড়ো লোকনৃত্য আৰু কাঁচিয়লি ফাউণ্ডেছনে বিহুনৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰে। আজিৰ সামৰণী অনুষ্ঠানত তেওঁলোকে নাট, আধুনিক গীত, বড়ো লোকনৃত্য আৰু বিহুনৃত্য পৰিৱেশন কৰাৰ উপৰি লোকপিয়ল, ২০২৭ সম্পৰ্কীয় এখন নাটো পৰিৱেশন কৰে। এই গ্ৰীষ্মকালীন কৰ্মশালাৰ প্ৰশিক্ষকসকল আছিল--- জিণ্টুমণি কলিতা, কুলদ্বীপ চহৰীয়া, বুধিন্দ্ৰ মহন্ত আৰু অভিজিত দাস। আজি সামৰণী অনুষ্ঠানটি নিয়াৰিকৈ পৰিচালনা কৰে সাংস্কৃতিক কৰ্মী চিন্ময় পাঠক আৰু অভিজিত দাসে। অনুষ্ঠানত একাংশ সংস্কৃতিপ্ৰেমী ৰাইজ, ছাত্ৰ-ছাত্ৰী আৰু সাংবাদিকসকল উপস্থিত থাকে। উল্লেখ্য যে অসম নাট্য সন্মিলন, তামুলপুৰ শাখা; জ'নছ মিউজিক একাদেমী, কাঁচিয়লি ফাউণ্ডেছন আৰু দুলাৰাই বড়ো হাৰিমু আফাদে সমগ্ৰ কৰ্মশালাটিৰ আয়োজন কৰিছিল বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ