বালিপৰাত দিন দুপৰতে চিলনী চোৰে লুটি নিলে নগদ ৩ লাখ টকা
শোণিতপুৰ, ২৮ জুলাই (হি.স.)। বালিপৰাত দিন দুপৰতে চিলনী চোৰে লুটি নিলে নগদ ৩ লাখ টকা। বালিপৰাত চিলনী চোৰৰ সন্ত্ৰাস , লুটি নিলে ৩ লাখ টকা । শোণিতপুৰৰ বালিপৰা কেন্দ্ৰ স্থলৰ পৰা আজি এজন লোকৰ পৰা নগদ ৩ লাখ টকা লুটি নিলে চিলনী চোৰে। এএছ ১২আৰ ৪৪৩৫ নম্বৰৰ ব
বালিপৰাত দিন দুপৰতে চিলনী চোৰে লুটি নিলে নগদ ৩ লাখ টকা


শোণিতপুৰ, ২৮ জুলাই (হি.স.)। বালিপৰাত দিন দুপৰতে চিলনী চোৰে লুটি নিলে নগদ ৩ লাখ টকা। বালিপৰাত চিলনী চোৰৰ সন্ত্ৰাস , লুটি নিলে ৩ লাখ টকা । শোণিতপুৰৰ বালিপৰা কেন্দ্ৰ স্থলৰ পৰা আজি এজন লোকৰ পৰা নগদ ৩ লাখ টকা লুটি নিলে চিলনী চোৰে। এএছ ১২আৰ ৪৪৩৫ নম্বৰৰ বাইকৰ পৰা চিলনী চোৰে থপিয়াই লৈ যায় টকাৰ বেগটো।

চাৰিদুৱাৰ গড়মৰাৰ কুমাৰ প্ৰধান নামৰ লোক জনে বালিপৰা ষ্টেট বেংকৰ পৰা টকা খিনি সংগ্ৰহ কৰি আনিছিল। জানিব পৰা মতে হোটেলৰ পৰা চাহ খায় আহি মটৰ চাইকেলৰ হেণ্ডেলত কিবা লেতেৰা বস্তু লগাই থোৱা দেখি চাফা কৰিবলৈ পিছফালে ঘূৰি দিয়াৰ সময়তে মটৰ চাইকেলৰ আসনত থোৱা টকাৰ বেগটো অন্তৰ্ধান হয়। ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীক অৱগত কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande