
কামৰূপ,২৮ জুলাই (হি.স.)। কামৰূপ জিলাৰ অতিকৈ ব্যস্ত নগৰী ৰঙিয়াত দিনক দিনে আইন-শৃংখলাৰ অধিক অৱনতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। নগৰ খনত ক্ৰমবৰ্ধমান হত্যা-হিংসা আৰু চুৰি-ডকাইতিৰ ঘটনাই ৰাইজৰ উদ্বিগ্নতা বৃদ্ধি কৰিছে । আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ এদিন পুৰ্বে সদাব্যস্ত ৰঙিয়াৰ তিনিআলিৰ শিৱ মন্দিৰৰ দানপাত্ৰ ভাঙি দুৰ্বৃত্তই নিৰ্বিধাই ধন লৈ যোৱাৰ পিছ দিনাই ৰঙিয়াৰ মাজমজিয়াত দুৰ্বৃত্তই ব্যৱসায়িক প্ৰতিষ্ঠানত গুলীচালনাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি ৰঙিয়াৰ মাজমজিয়াৰ ৫নং ৱাৰ্ডৰ সঞ্জয় ষ্ট’ৰত নিশা প্ৰায় ৮-৩০ বজাত হেলমেট পৰিহিত এজন যুৱকে পিষ্টল দেখুৱাই ধন লুটিবলৈ চেষ্টা চলায়। যুৱকজনে দোকানত সোমায়েই প্ৰথমে পিষ্টল উলিয়াই দোকানৰ গৰাকীক লক্ষ্য কৰি ধন বেগত ভৰাবলৈ ধমক দিয়ে। যুৱক জনে বেগটো লৈ যাবলৈ খোজোতেই দোকানৰ গৰাকী সন্দীপ আগৰৱালই সাহসেৰে খেদি যায়। লগে লগে যুৱকজনে শূন্যলৈ গুলী চালনা কৰে ।
গুলী চালনাৰ পিছতে আতংকৰ সৃষ্টি হয় যদিও, ভয় নকৰি সন্দীপ আগৰৱালে যুৱক জনক খেদি যায় । যুৱক জনে কৌশলেৰে পলাই যায় ।সমগ্ৰ ঘটনাটো চিচিটিভি ফুটেজত বন্দী হৈ ৰয়। লক্ষ্যণীয় ভাবে পিস্তল দেখুৱাই ডকাইতিৰ চেষ্টা কৰা যুৱকজন দোকানৰ গৰাকীৰ সাহসিকতাত ব্যৰ্থ হৈ পলায়ন কৰিবলৈ বাধ্য হয়।
ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চিচিটিভি ফুটেজৰ সহায়ত পিষ্টলধাৰী যুৱকজনক আটক কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। ৰঙিয়াত অপৰাধ নিয়ন্ত্ৰণৰ বাবে কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে অনুৰোধ জনাইছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা