
কামৰূপ, ২৮ জুলাই (হি.স.)। মানব সৰবৰাহকাৰীৰ কৱলৰ পৰা কোনোমতে ৰক্ষা পৰিল ৰঙিয়াৰ এজন লোক।
কোনোমতে প্ৰাণ বচাই ৯ দিনৰ মূৰত ঘৰলৈ ওভতিল মিন্টু আলী।
কেমেৰাৰ সন্মুখত দিলে শিহৰণকাৰী বৰ্ণনা।
কাশ্মীৰত কাম দিয়াৰ প্ৰলোভনেৰে অন্য ৬ আদিবাসী তথা জনজাতীয় লোকক লৈ ৰেলেৰে লৈ গৈছিল তাজু আলীয়ে।
আধাৰাস্তাত তাজু আলীৰ ওপৰত সন্দেহ ওপজাত বিহাৰৰ কোনোবা এটা ৰেল ষ্টেচনত নামি পলায়ন কৰে মিন্টু আলীয়ে।
বিস্ফোৰক অভিযোগ ৰঙিয়া উদিয়ানাৰ মানৱ সৰবৰাহকাৰী তাজু আলীৰ বিৰুদ্ধে।
পূৰ্বেও কেইবাবাৰো ৰঙাঘৰৰ আলহী হোৱা তাজু আলী সম্প্ৰতি পলাতক।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা