দুই কেবিনেট মন্ত্ৰীৰ উপস্থিতিত বানত মৃত পশুধনৰ বৈজ্ঞানিকভাৱে নিষ্পত্তি
শিৱসাগৰ ,২৮ জুলাই (হি.স.)। দুই কেবিনেট মন্ত্ৰীৰ উপস্থিতিত বানত মৃত পশুধনৰ বৈজ্ঞানিকভাৱে নিষ্পত্তি। শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত শিলাকুটি গাঁও পঞ্চায়তত বানৰ ফলত মৃত্যু হোৱা পোহনীয়া জীৱ-জন্তুৰ মৃতদেহসমূহ বৈজ্ঞানিক পদ্ধতিৰে নিষ্পত্তি কৰাৰ এক
দুই কেবিনেট মন্ত্ৰীৰ উপস্থিতিত বানত মৃত পশুধনৰ বৈজ্ঞানিকভাৱে নিষ্পত্তি


শিৱসাগৰ ,২৮ জুলাই (হি.স.)। দুই কেবিনেট মন্ত্ৰীৰ উপস্থিতিত বানত মৃত পশুধনৰ বৈজ্ঞানিকভাৱে নিষ্পত্তি।

শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত শিলাকুটি গাঁও পঞ্চায়তত বানৰ ফলত মৃত্যু হোৱা পোহনীয়া জীৱ-জন্তুৰ মৃতদেহসমূহ বৈজ্ঞানিক পদ্ধতিৰে নিষ্পত্তি কৰাৰ এক বিশেষ অভিযান চলোৱা হয়।

জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

বানপানী হ্ৰাস পোৱাৰ পিছত বিভিন্ন অঞ্চলত গো-ধন, মহ, ছাগলী আদি পোহনীয়া জীৱ-জন্তুৰ মৃতদেহ সিঁচৰতি হৈ গেলি-পচি পৰি থকাত দুৰ্গন্ধৰ সৃষ্টি হোৱাৰ লগতে ৰোগ-ব্যাধি বিয়পি পৰাৰ আশংকা বৃদ্ধি পাইছিল। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন স্থানৰ পৰা মৃত পশুধনৰ দেহ সংগ্ৰহ কৰি নিৰ্ধাৰিত আওহতীয়া স্থানত গাঁত খান্দি পুতি পেলোৱা হয়।

এই সমগ্ৰ অভিযানত বিজেপিৰ বহু কৰ্মী সক্ৰিয়ভাৱে জড়িত থাকে। অভিযান চলি থকাৰ সময়ছোৱাত দুই কেবিনেট মন্ত্ৰীয়ে নিজে উপস্থিত থাকি সমগ্ৰ কাৰ্যসূচীৰ তদাৰক কৰে আৰু নিয়োজিত কৰ্মীসকলক উৎসাহিত কৰাৰ লগতে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়ায়। দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰতিকূল পৰিস্থিতিৰ সৈতে একেৰাহে বানাক্ৰান্ত ৰাইজৰ মাজত থাকি সহায় কাৰ্যত ব্যস্ত হৈ আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande