মৰিগাঁওৰ ভূৰবন্ধাত উত্তাল প্ৰতিবাদ
মৰিগাঁও, ২৮ জুলাই (হি.স.)। মৰিগাঁওৰ ভূৰবন্ধা গাঁও পঞ্চায়তৰ কেইবাখনো গাঁওক মৰিগাঁও ৰাজহ চক্ৰৰ পৰা মিকিৰভেটা ৰাজহ চক্ৰলৈ স্থানান্তৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে আজি দুই শতাধিক পুৰুষ-মহিলাই ভূৰবন্ধা উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে
মৰিগাঁওৰ ভূৰবন্ধাত উত্তাল প্ৰতিবাদ


মৰিগাঁওৰ ভূৰবন্ধাত উত্তাল প্ৰতিবাদ


মৰিগাঁও, ২৮ জুলাই (হি.স.)। মৰিগাঁওৰ ভূৰবন্ধা গাঁও পঞ্চায়তৰ কেইবাখনো গাঁওক মৰিগাঁও ৰাজহ চক্ৰৰ পৰা মিকিৰভেটা ৰাজহ চক্ৰলৈ স্থানান্তৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে আজি দুই শতাধিক পুৰুষ-মহিলাই ভূৰবন্ধা উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ কৰি টায়াৰ জ্বলাই চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰে আৰু জনমত উপেক্ষা কৰি ৰাজহ চক্ৰ সলনি কৰাৰ যিকোনো পদক্ষেপ বাতিল কৰাৰ দাবী জনায়। লগতে, দাবী পূৰণ নোহোৱালৈকে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande