মৰিগাঁৱত লাভ জেহাদৰ ঘটনা, হিন্দুৰ পৰিচয় দি হিন্দু কিশোৰীৰ সৈতে প্ৰেম কৰা এজনক কৰায়ত্ত কৰি আৰক্ষীক গতালে ৰাইজে
মৰিগাঁও, ২৮ জুলাই (হি.স.)। মৰিগাঁও চহৰৰ সমীপৱৰ্তী টেঙাগুৰি মথাউৰিত স্থানীয় এজন যুৱকে এগৰাকী কিশোৰীৰ সৈতে এজন যুৱকক এখন ই ৰিক্সাৰ সৈতে প্ৰতক্ষ্য কৰিছিল। যুৱক জনক দেখি সন্দেহ হোৱাত স্থানীয় যুৱক জনে কিশোৰী গৰাকীৰ সৈতে থকা যুৱক জনক প্ৰশ্ন কৰাত যুৱক জ
মৰিগাঁৱত লাভ জেহাদৰ ঘটনা, হিন্দুৰ পৰিচয় দি হিন্দু কিশোৰীৰ সৈতে প্ৰেম কৰা এজনক কৰায়ত্ত কৰি আৰক্ষীক গতালে ৰাইজে


মৰিগাঁও, ২৮ জুলাই (হি.স.)। মৰিগাঁও চহৰৰ সমীপৱৰ্তী টেঙাগুৰি মথাউৰিত স্থানীয় এজন যুৱকে এগৰাকী কিশোৰীৰ সৈতে এজন যুৱকক এখন ই ৰিক্সাৰ সৈতে প্ৰতক্ষ্য কৰিছিল। যুৱক জনক দেখি সন্দেহ হোৱাত স্থানীয় যুৱক জনে কিশোৰী গৰাকীৰ সৈতে থকা যুৱক জনক প্ৰশ্ন কৰাত যুৱক জনে নিজকে পচতীয়াৰ ৰূপম মেধি বুলি পৰিচয় দিছিল।

পচতীয়াত খবৰ কৰাত যুৱক জন পচতীয়াৰ নহয় বুলি জানিবলৈ দিয়ে পচতীয়াৰ ৰাইজে। ৰূপম মেধি বুলি পৰিচয় দিয়া যুৱক জনৰ কথা মিছা হোৱাত ৰাইজে আঠু কঢ়াই সোধপোচ কৰে আৰু তেতিয়াই যুৱক জনৰ প্ৰকৃত পৰিচয় ওলাই পৰে। ৰূপম মেধি বুলি পৰিচয় দিয়া যুৱক জন প্ৰকৃততে দলবাৰিৰ আডিল বক্তিয়াৰ। এই মুচলমান আডিলে হিন্দু ৰূপম মেধি বুলি পৰিচয় দি কিশোৰী গৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলাই আছিল। অন্যহাতে ৰাইজে কিশোৰী গৰাকীৰ দেউতাকৰ সৈতে যোগাযোগ কৰাত ১৭ বছৰীয়া কিশোৰী গৰাকী দেওবাৰে এখন ই ৰিক্সাত ঘৰৰ পৰা পলাই আহিছে বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande