এনটিপিচি বঙাইগাঁৱৰ উদ্যোগত পঞ্চম বালিকা সৱলীকৰণ অভিযান
কোকৰাঝাৰ, ২৮ জুলাই (হি.স.)। এনটিপিচি বঙাইগাঁৱৰ উদ্যোগত পঞ্চম বালিকা সৱলীকৰণ অভিযান। কোকৰাঝাৰ জিলাৰ ছালাকাটিস্থিত এনটিপিচি বঙাইগাঁৱৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে চাৰি জুলাইৰ পৰা আৰম্ভ হোৱা পঞ্চম বালিকা সৱলীকৰণ অভিযানৰ সৈতে সংগতি ৰাখি মংগলবাৰে এনটিপি
এনটিপিচি বঙাইগাঁৱৰ উদ্যোগত পঞ্চম বালিকা সৱলীকৰণ অভিযান


কোকৰাঝাৰ, ২৮ জুলাই (হি.স.)। এনটিপিচি বঙাইগাঁৱৰ উদ্যোগত পঞ্চম বালিকা সৱলীকৰণ অভিযান।

কোকৰাঝাৰ জিলাৰ ছালাকাটিস্থিত এনটিপিচি বঙাইগাঁৱৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে চাৰি জুলাইৰ পৰা আৰম্ভ হোৱা পঞ্চম বালিকা সৱলীকৰণ অভিযানৰ সৈতে সংগতি ৰাখি মংগলবাৰে এনটিপিচি বঙাইগাঁৱৰ ভূপেন হাজৰিকা ভৱনত বালিকা ছাত্ৰী সকলৰ লগতে সাংবাদিক সকলৰ সৈতে এক মত-বিনিময় কাৰ্য্যসূচীৰ আয়োজন কৰা হয়৷

গ্ৰাম্য অঞ্চলৰ কন্যা সন্তান সকলৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে আয়োজিত বালিকা সৱলীকৰণ অভিযান ২০২৬-ত এইবাৰ ওচৰ-চুবুৰীয়া ১২খন বিদ্যালয়ৰ মুঠ ৫০ গৰাকী ছাত্ৰীক বাছনি কৰা হয়৷

এমহীয়া আৱাসিক কাৰ্যসূচীৰ জৰিয়তে দহ ৰ পৰা বাৰ বছৰ বয়সৰ কন্যাসকলৰ মাজত আত্মবিশ্বাস, নেতৃত্বৰ গুণ, জীৱন দক্ষতা আৰু সামাজিক দায়বদ্ধতাৰ বিকাশ ঘটোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

চাৰি জুলাইৰ পৰা একত্ৰিশ জুলাইলৈ চলিবলগীয়া চাৰি সপ্তাহীয়া আৱাসিক কাৰ্যসূচীত শৈক্ষিক শিক্ষাৰ লগতে ব্যক্তিত্ব বিকাশ, ডিজিটেল সাক্ষৰতা, ক্ৰীড়া, সৃজনশীল কলা, স্বাস্থ্য আৰু সুস্থতা, অধ্যয়ন ভ্ৰমণ আৰু শাৰীৰিক, মানসিক তথা আৱেগিক বিকাশৰ বিভিন্ন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে।

এই কাৰ্যসূচীৰ এক বিশেষ বৈশিষ্ট্য হৈছে, বাহ্যিক সংস্থাৰ দ্বাৰা পৰিচালিত স্বতন্ত্ৰ মূল্যায়নৰ ভিত্তিত নিৰ্বাচিত দহ শতাংশ ছাত্ৰীক এনটিপিচি টাউনশ্বিপ বিদ্যালয়ত বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হয়। ইয়াৰ ফলত মেধাৱী আৰু যোগ্য কন্যাসকলে এক উন্নত শিক্ষাৰ পৰিৱেশত নিজৰ শিক্ষাজীৱন অব্যাহত ৰাখিব পাৰে আৰু বালিকা সৱলীকৰণ অভিযান সুদূৰপ্ৰসাৰী প্ৰভাৱ অধিক শক্তিশালী হয়।

দেশজুৰি এনটিপিচিৰ বিভিন্ন প্ৰকল্পত ইতিমধ্যে তেৰ হাজাৰৰো অধিক কন্যাক ক্ষমতায়িত কৰা বালিকা সৱলীকৰণ অভিযানে সামাজিক দায়বদ্ধতা, লিংগ সমতা আৰু বহনক্ষম সামুদায়িক উন্নয়নৰ ক্ষেত্ৰত এনটিপিচিৰ দৃঢ় অংগীকাৰক প্ৰতিফলিত কৰি আহিছে।

এই পদক্ষেপে কন্যাসকলক ডাঙৰ সপোন দেখিবলৈ, নিজৰ সামৰ্থ্য উপলব্ধি কৰিবলৈ আৰু সমাজৰ ভৱিষ্যৎ নেতৃত্ব হিচাপে আত্মপ্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande