
কোকৰাঝাৰ , ২৮ জুলাই (হি.স.)। গোসাঁইগাঁৱৰ কাশীয়াবাৰী বজাৰত অবাধে চলিছে ছিকিম লটাৰী আৰু তীৰ খেলৰ জুৱা।অসাধু ব্যৱসায়ীয়ে অবৈধ তীৰ আৰু ছিকিম লটাৰীৰ জুৱা খেলৰ জৰিয়তে চলাইছে লুণ্ঠনৰাজ।ফলত সমাজৰ একাংশ পৰিয়ালৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ।গোসাঁইগাঁও সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত কাশিয়াবাৰী বজাৰত অসাধু ব্যৱসায়ীয়ে চলাইছে অবৈধ জুৱা খেল।আৰক্ষী আৰু জুৱাৰীৰ মাজত আছে নেকি গোপন বুজাবুজি? নহ'লে কিয় কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী প্ৰশাসন?জুৱাৰীয়ে কাশিয়াবাৰী বজাৰত দিনৰ পোহৰতে কেনেকৈ অবৈধভাৱে তীৰ আৰু ছিকিম লটাৰীৰ জুৱা চলাইছে।
অভিযোগ অনুসৰি, প্ৰতিদিনে বহু লোকে সহজে ধন লাভৰ আশাত এই অবৈধ জুৱা খেলত অংশগ্ৰহণ কৰি আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ দৰিদ্ৰ আৰু নিম্ন আয়ৰ পৰিয়ালসমূহ এই অবৈধ কাৰ্যকলাপৰ ফলত অধিক সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপিত হৈছে।বিভিন্ন সামাজিক আৰু দ'ল-সংগঠনে সমাজৰ পৰা অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও কাশিয়াবাৰী বজাৰ অঞ্চলত এনে অবৈধ কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পোৱা বুলি অভিযোগ প্ৰকাশ পাইছে।ৰাইজে আৰক্ষী প্ৰশাসনৰ ওচৰত অতি শীঘ্ৰে বিষয়টো তদন্ত কৰি অবৈধ জুৱা ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ