
ডিব্ৰুগড়, ২৮ জুলাই (হি.স.)। ৰাজ্যত ভয়াবহ বান পৰিস্থিতিৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। নাহৰকটীয়াৰ আচাবাম চাহ বাগিচাৰ চিবা গড় নামৰ এজন ব্যক্তিক বহিঃ ৰাষ্ট্ৰলৈ সৰবৰাহৰ চেষ্টা কৰাৰ অভিযোগ।
চলিত বৰ্ষৰ মে মাহত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি চুবুৰীয়া ৰাজ্য অৰুণাচল লৈ পঠিয়াই চিবা গড়ক একেখন চাহ বাগিচাৰে শ্ৰমিক ক্ৰমে মিথু কৰ্মকাৰ, মধুসূদন তাতি আৰু গবিন গড় নামৰ প্ৰলোভন কাৰী কেইজনে। প্ৰথমে অৰুণাচলৰ কামলে জিলাৰ জনজাতীয় লোক এজনৰ ঘৰত থাকিবলৈ দিছিল চিবা গড়ক। তাৰেপৰাই বহিঃ ৰাষ্ট্ৰলৈ পঠিওৱাৰ যো জা কৰা বুলি উল্লেখ কৰে ভুক্তভোগী চিবা গড়ে। অৱশেষত অৰুণাচল আৰক্ষীৰ সহায়ত বিপদ মুক্ত হৈ স্বগৃহলৈ আহিবলৈ সক্ষম হয়।সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত কৰি দুখীক আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ঘীনাই গাওঁ পঞ্চায়তৰ সভাপতি বিশাল মাহালিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ