
তিনিচুকীয়া, ২৮ জুলাই (হি.স.)। তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ উদ্যোগত বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান।
প্ৰলয়ংকাৰী বানে ধুই নিয়া শিৱসাগৰ জিলাৰ গোমোঠা পানীবিল, চূণপোৰা লংকা গোহাঁই গাঁও, মৈৰামৰা সন্দিকৈ গাওঁ, হাঁহচৰা মৌজাদাৰ আলিমূৰ গাওঁ, খেলুৱা কুকুৰাচোৱা গাওঁ আৰু খেলুৱা আৰন্ধৰা গাঁৱৰ প্ৰায় ২০০ ঘৰ বানাক্ৰান্ত ৰাইজক বিভিন্ন খাদ্য সামগ্ৰী, কানিকাপোৰ, অন্যান্য প্ৰয়োজনীয় সামগ্ৰী আৰু ঔষধ প্ৰদান কৰা হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু