হালোৱাটিং আৰু নেপালী বস্তি ৰাইজৰ সহযোগত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত বানাক্ৰান্তক খোৱা সামগ্ৰী প্ৰদান
শিৱসাগৰ, ২৮ জুলাই (হি.স.)। উজনী অসমৰ তিনিখন জিলা শিৱসাগৰ,যোৰহাট আৰু চৰাইদেউত হোৱা সৰ্বনাশী বানত জিলা তিনিখনৰ শিৱসাগৰত ২.৯০ লাখ, চৰাইদেউত ১.৮৮ লাখ, যোৰহাটত ১.৩০ লাখ জনসাধাৰণ খতিগ্ৰস্থ হয়। হালোৱাটিং আৰু নেপালী বস্তি ৰাইজৰ সহযোগত অসমীয়া যুৱ মঞ্চৰ হাল
হালোৱাটিং আৰু নেপালী বস্তি ৰাইজৰ সহযোগত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত বানাক্ৰান্তক খোৱা সামগ্ৰী প্ৰদান


শিৱসাগৰ, ২৮ জুলাই (হি.স.)।

উজনী অসমৰ তিনিখন জিলা শিৱসাগৰ,যোৰহাট আৰু চৰাইদেউত হোৱা সৰ্বনাশী বানত জিলা তিনিখনৰ শিৱসাগৰত ২.৯০ লাখ, চৰাইদেউত ১.৮৮ লাখ, যোৰহাটত ১.৩০ লাখ জনসাধাৰণ খতিগ্ৰস্থ হয়। হালোৱাটিং আৰু নেপালী বস্তি ৰাইজৰ সহযোগত অসমীয়া যুৱ মঞ্চৰ হালোৱাটিং শাখাৰ উদ্যোগত নাজিৰাৰ বিহুবৰত ৩০০ ত কৈ অধিক বানাক্ৰান্ত পৰিয়ালক খোৱা সামগ্ৰী প্ৰদান।

এই বান সাহায্যৰ দলটোৰ নেতৃত্ব বহন কৰে অসমীয়া যুৱ মঞ্চৰ হালোৱাটিং শাখাৰ সভাপতি মৃদুল মেচ আৰু সম্পাদক ইজাজ আলীয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande