
গুৱাহাটী, ২৮ জুলাই (হি.স.)। যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ আৰু অতিৰিক্ত যাত্ৰী ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৰেল নং. ০৫৭৩৬/০৫৭৩৫ কাটিহাৰ–অমৃতসৰ–কাটিহাৰ বিশেষ ৰে'লৰ সেৱা উভয় দিশতে অতিৰিক্ত পাঁচটা ট্ৰিপৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত বিশেষ ৰে'লখন বৰ্তমানৰ গঠন, সময়সূচী, ষ্টপেজ আৰু সময়সূচী অনুসৰি পূৰ্বৰ দৰে চলাচল অব্যাহত ৰাখিব।
ইয়াৰ ফলত বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাব আৰু যাত্ৰাপথত থকা গুৰুত্বপূৰ্ণ ষ্টেচনসমূহৰ মাজত যাতায়াত কৰা যাত্ৰীসকলৰ বাবে নিৰৱিচ্ছিন্ন ৰেল সংযোগ নিশ্চিত কৰি তুলিব। ৰে'ল নং ০৫৭৩৬ (কাটিহাৰ–অমৃতসৰ) বিশেষ ৰে'লখন ৫ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰ, ২০২৬লৈকে প্ৰতি বুধবাৰে ২১:০০ বজাত কাটিহাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব। আনহাতে, ৰে'ল নং ০৫৭৩৫ (অমৃতসৰ–কাটিহাৰ) বিশেষ ৰে'লখন ৭ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰ, ২০২৬লৈকে প্ৰতি শুকুৰবাৰে ১৩:২৫ বজাত অমৃতসৰৰ পৰা যাত্ৰা আৰম্ভ কৰি নিজ নিজ গন্তব্যস্থানত গৈ উপস্থিত হ'ব।
প্ৰয়োজন অনুসৰি বিশেষ ৰে'ল সেৱা আৰম্ভ আৰু সময়সীমা বৃদ্ধি কৰি যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱে সদায় প্ৰতিশ্ৰুতিবদ্ধ। এনে পদক্ষেপে নিয়মীয়া ৰে'লসমূহৰ ভিৰ হ্ৰাস কৰাৰ লগতে অঞ্চলজুৰি যাত্ৰা অধিক সুগম, সুৰক্ষিত আৰু আৰামদায়ক কৰি তোলে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী