তামুলপুৰত দেশভক্তি দিৱস পালন
তামুলপুৰ, ২৮ জুলাই (হি.স.)। অসম চৰকাৰে ২০২১ চনৰ পৰাই দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুদিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে। তদুপলক্ষে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সহযোগত আৰু মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ষষ্ঠ
তামুলপুৰত দেশভক্তি দিৱস পালন।


তামুলপুৰত দেশভক্তি দিৱস পালন।


তামুলপুৰত দেশভক্তি দিৱস পালন।


তামুলপুৰ, ২৮ জুলাই (হি.স.)। অসম চৰকাৰে ২০২১ চনৰ পৰাই দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুদিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে। তদুপলক্ষে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সহযোগত আৰু মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ষষ্ঠসংখ্যক দেশভক্তি দিৱস উদযাপন কৰা হয়। দেশভক্ত গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত জাতীয় সংগীতেৰে অনুষ্ঠানটো আৰম্ভ হয়।

জিলা আয়ুক্ত চিমি কৰণ, আই এ এছ মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক কামেশ্বৰ দাস। তেওঁ দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু কৃতি সম্পৰ্কে কম সময়ৰ ভিতৰতে বিতং ব্যাখ্যা কাগবঢ়ায়। প্ৰসংগক্ৰমে তেওঁ কয়, নিজৰ অস্তিত্ব তথা পৰিচয় সন্দৰ্ভত দেশভক্ত তৰুণৰাম ফুকন আছিল যথেষ্ট সচেতন। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজৰ কন্যাৰ বিবাহৰ প্ৰস্তাৱ তৰুণৰাম ফুকনক দিছিল যদিও তেওঁ সেই প্ৰস্তাৱ নাকচ কৰিছিল মাথোঁ এটা কাৰণতেই। সেয়া আছিল, তেওঁ যদি কবিগুৰুৰ জীয়ৰীক বিবাহ কৰালেহেঁতেন, তেন্তে তেওঁৰ পৰিচয় হ'লহেঁতেন- ৰবীন্দ্ৰনাথৰ জোঁৱায়েক! তেওঁ নিজৰ পৰিচয়েৰেই সমাজত মূৰ তুলি থাকিব বিচাৰিছিল।

আজি তেওঁ প্ৰতিজন অসমীয়াৰ কাৰণেই নমস্য। মুখ্য অতিথিৰ আসনৰ পৰা জিলা আয়ুক্ত চিমি কৰণ, আই এ এছে কয়, দেশভক্ত তৰুণৰাম ফুকন অকল এগৰাকী স্বাধীনতা যুঁজাৰু হিচাপেই নহয়, শিক্ষা, ৰাজনৈতিক, সামাজিক আদি বিভিন্ন ক্ষেত্ৰত তেওঁৰ অৱদান আছে। তেওঁৰ আদৰ্শ সমাজত জীয়াই ৰাখিবৰ কাৰণে চৰকাৰে তেওঁৰ মৃত্যুৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰাটো খুবেই আদৰণীয় পদক্ষেপ। অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী তিলক মহন্তই সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে গীতটো সুন্দৰকৈ পৰিৱেশন কৰে। আজিৰ অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰ, ডঃ দীপাংকৰ নাথ; অতিৰিক্ত আয়ুক্ত প্ৰাজ্ঞজ্যোতি লস্কৰ, অনুপম ডেকা, কুনাল পাঠক, বিদিশা বৰা; নিৰ্বাচনী বিষয়া প্ৰাঞ্জলপ্ৰাণ শইকীয়া; অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষ; তথ্য আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰী দীপক নাৰ্জাৰী, মিলন বড়ো আৰু সৰস্বতী বড়োৰ উপৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আদি উপস্থিত থাকে। তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই আঁতধৰা অনুষ্ঠানটিৰ ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande