
- বানাক্ৰান্তক সহায়ৰ বাবে বিধানসভা সচিবালয়ৰ কৰ্মচাৰীয়ে এদিনৰ দৰমহা আগবঢ়াব
গুৱাহাটী, ২৮ জুলাই (হি.স.)। আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্রশ্নোত্তৰকালীন ঘণ্টাৰ পাছত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কয় যে অসমত বিশেষকৈ উজনি অসমৰ তিনিখন জিলাত হোৱা ভয়াৱহ বানপানীয়ে অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত চৰকাৰৰ লগতে বিভিন্ন সংগঠনে বানাক্ৰান্ত ৰাইজলৈ সমৰ্থন আগবঢ়াইছে। ফলস্বৰূপে মই (ৰঞ্জিত দাস) আৰু বিধানসভাৰ উপ অধ্যক্ষ ডাঃ হাব্বে তেৰেনে এমাহৰ দৰমহা বানাক্ৰান্তক দান কৰাৰ সিদ্ধান্ত লৈছো।
অধ্যক্ষ দাসে লগতে কয় যে বিধানসভা সচিবালয়ৰ কৰ্মচাৰীসকলেও বানপীড়িত লোকসকলক সহায়ৰ বাবে এদিনৰ দৰমহা আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। অধ্যক্ষই সকলোকে একত্ৰিত হৈ এই দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ আহ্বান জনায়।
অধ্যক্ষৰ এই পদক্ষেপক সদনত উপস্থিত থকা সকলো বিধায়কে টেবুল থুপিয়াই আদৰণি জনায়। ইফালে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই উল্লেখ কৰে যে বিজেপিৰ সকলো বিধায়কে বানাক্ৰান্তক সহায়ৰ বাবে তেওঁলোকৰ মাহিলী দৰমহা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াবলৈও সিদ্ধান্ত লৈছে। তেওঁ লগতে উল্লেখ কৰে যে বানাক্ৰান্ত মহিলাসকলৰ বাবে অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা ১ লাখ ৭০ হাজাৰ মেখলা চাদৰ আৰু ১ লাখ ৫০ হাজাৰ আঠুৱা প্ৰেৰণ কৰা হৈছে।
ইফালে, টিএমচিৰ অকলশৰীয়া বিধায়ক শ্বেৰমান আলী আহমেদেও এমাহৰ দৰমহা অনুদানৰ কথা ঘোষণা কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে উল্লেখ কৰে যে সকলো কংগ্ৰেছ বিধায়কে এমাহৰ দৰমহাও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব। একে ধাৰাতে অসোম গণ পৰিষদৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু বিপিএফেও বানাক্ৰান্তৰ বাবে এমাহৰ দৰমহা অনুদানৰ কথা ঘোষণা কৰে।
ইফালে, এআইইউডিএফৰ মৌলানা বদৰুদ্দিন আজমল সহ দুই বিধায়কেও এমাহৰ দৰমহা দান কৰাৰ উপৰিও দলটোৰ পৰাও দুইলাখ টকা বৰঙণি আগবঢ়াব। বিধায়ক তথা দলৰ সভাপতি মৌলানা বদৰুদ্দিন আহমেদে বিগত কেইবাদিন ধৰি বানাক্ৰান্ত অঞ্চলত শিবিৰ পাতি ৰাইজৰ সহায়ৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা বুলিও তেওঁ কয়। মন কৰিবলগীয়া যে বিধায়ক আজমলে বানাক্ৰান্ত লোকসকলৰ বাবে দুই কোটি টকাৰ অনুদানৰ কথা ঘোষণা কৰিছিল।
মন কৰিবলগীয়া যে উচ্চ অসমৰ তিনিখন জিলা শিৱসাগৰ, চৰাইদেউ, আৰু যোৰহাট এই বানপানীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। লাভ কৰা তথ্য অনুসৰি এই পৰ্যন্ত ৬৮ জন লোকৰ এই বানত মৃত্যু হৈছে। কৃষি আৰু পশুধনৰ ব্যাপক ক্ষতি হৈছে। ইফালে ৰাস্তা-ঘাট, দলং, ঘৰ-দুৱাৰৰ ব্যাপক ক্ষতিসাধন হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী