
নতুন দিল্লী, ২৫ জুলাই (হি.স.)। কৰদাতাৰ বাবে আইটিআৰ (আয়কৰ ৰিটাৰ্ণ) দাখিল কৰাটো বাধ্যতামূলক। আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিলৰ সময়সীমা অতি ওচৰ চাপিছে । ২০২৫-২৬ বিত্তীয় বৰ্ষৰ (মূল্যায়ন বৰ্ষ ২০২৬-২৭) আইটিআৰ দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাই, ২০২৬।আইটিআৰ দাখিল কৰিবলৈ মাত্ৰ ছয় দিন বাকী আছে।
আয়কৰ বিভাগে শনিবাৰে ইমেইলযোগে কয় যে শেষ মুহূৰ্তলৈ অপেক্ষা নকৰিব; ২০২৬-২৭ চনৰ মূল্যায়ন বৰ্ষৰ বাবে আপোনাৰ আইটিআৰ-১ আৰু আইটিআৰ-২ ৩১ জুলাই, ২০২৬ৰ পূৰ্বে দাখিল কৰক। বিভাগে কয় যে http://incometax.gov.in ত গৈ ৩১ জুলাইৰ সময়সীমাৰ পূৰ্বে কোনো জৰিমনা বিনা আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিল কৰক।
আয়কৰ বিভাগে উল্লেখ কৰিছে যে ৩১ জুলাইৰ সময়সীমাৰ পৰা হাত সাৰিবলৈ অধিকাংশ দৰমহাপ্ৰাপ্ত আৰু ব্যক্তিগত কৰদাতাই আয়কৰ চৰকাৰী ই-ফাইলিং পৰ্টেলত গৈ ৰিটাৰ্ণ দাখিল কৰিব লাগে। যদি আপুনি ৩১ জুলাইৰ সময়সীমা পাৰ কৰে, তেন্তে আপোনাৰ ওচৰত পলমকৈ ৰিটাৰ্ণ দাখিল কৰাৰ বিকল্প আছে, কিন্তু ইয়াক পলম কৰিলে জৰিমনা, অতিৰিক্ত সুত, আৰু কেইবাটাও কৰ সুবিধা হেৰুৱাব পাৰে।
মন কৰিবলগীয়া যে আয়কৰ আইন, ১৯৬১ৰ ১৩৯(৪) ধাৰাত নিৰ্ধাৰিত তাৰিখৰ ভিতৰত ৰিটাৰ্ণ দাখিল নকৰা কৰদাতাসকলে ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত, বা মূল্যায়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ আগতেই নিজৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰে।
------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ