
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। দেশৰ দ্বিতীয় বৃহত্তম তথ্য প্ৰযুক্তি (আই টি) সেৱা কোম্পানী ইনফ’ছিছে আশীষ কুমাৰ দাসক মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ-মনোনীত) হিচাপে নিযুক্তি দিছে। তেওঁ বৰ্তমানৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ছালিল পাৰেখৰ ঠাইত ২০২৭ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।
তথ্য প্ৰযুক্তি সেৱা কোম্পানীটোৱে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে ইনফ’ছিছৰ পৰিচালনা সমিতিৰ মনোনয়ন আৰু পাৰিতোষিক সমিতিৰ পৰামৰ্শ মতে আশীষ দাসক পাঁচ বছৰৰ বাবে নিযুক্তি দিয়া হৈছে। অৱশ্যে এই নিযুক্তি শ্বেয়াৰহোল্ডাৰৰ অনুমোদনৰ অধীনত হ’ব। তেওঁ ইনফ’ছিছৰ বৰ্তমানৰ পৰিচালন সঞ্চালক (এম ডি) আৰু মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) ছালিল পাৰেখৰ ঠাইত ল’ব। ২০২৭ চনৰ ৩১ মাৰ্চত শেষ হ’ব পাৰেখৰ দ্বিতীয়টো কাৰ্যকাল।তেওঁ ৯ বছৰতকৈও অধিক সময় ধৰি কোম্পানীটোৰ নেতৃত্ব দি আহিছে।
ইনফ’ছিছৰ মতে, আশীষ কুমাৰ দাস বৰ্তমান বিভিন্ন উদ্যোগ খণ্ডক সামৰি লোৱা বৈচিত্ৰময় ব্যৱসায়িক খণ্ডৰ বিশ্বব্যাপী মুৰব্বী। কোম্পানীটোৱে কয় যে ইনফ’ছিছত তিনিটা দশকৰো অধিক সময় কটোৱা দাছে সমগ্ৰ বিশ্বব্যাপী পৰিচালনাৰ কেইবাটাও জ্যেষ্ঠ নেতৃত্বৰ পদত অধিষ্ঠিত হৈছে। কোম্পানীটোৱে লগতে কয় যে তেওঁ ধাৰাবাহিকভাৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে, জটিল ব্যৱসায় আৰু প্ৰযুক্তিৰ ৰূপান্তৰৰ জৰিয়তে ক্লায়েণ্টসকলক পথ প্ৰদৰ্শন কৰিছে, আৰু বিশ্বজুৰি উচ্চ প্ৰদৰ্শনকাৰী দল গঢ়ি তুলিছে।
ইনফ’ছিছৰ অধ্যক্ষ নন্দন নিলেকানীয়ে কয় যে উদ্যোগটোৱে উল্লেখযোগ্য পৰিৱৰ্তনৰ সময়ছোৱাত প্ৰৱেশ কৰিছে। নিলেকানীয়ে কয়, সঞ্চালক মণ্ডলীয়ে বিশ্বাস কৰিছিল যে আমাৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী বিষয়াই সাহসী পৰিৱৰ্তনৰ নেতৃত্ব দিয়াৰ ক্ষমতাৰ অধিকাৰী হ'ব লাগে আৰু লগতে ইনফ'ছিছক সদায় পৃথক কৰি ৰখা মূল্যবোধ আৰু গ্ৰাহকৰ আস্থাক ৰক্ষা কৰাৰ বুদ্ধিমত্তা থাকিব লাগে। মই ঘোষণা কৰি আনন্দিত হৈছো যে আমাৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী বিষয়া কোম্পানীটোৰ ভিতৰৰ পৰা নিৰ্বাচিত হৈছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ