অলংকাৰ বজাৰত সোণৰ জিলিকনি, ৰূপৰো বাঢ়িল দৰ
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। আজিৰ আৰম্ভণিৰ ব্যৱসায়ৰ সময়ত ঘৰুৱা অলংকাৰ বজাৰত তীব্ৰ উৰ্ধমুখী ধাৰা দেখা গৈছে। মূল্যবৃদ্ধিৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰতে সোণৰ দাম প্ৰতি ১০ গ্ৰামত ২১০০ টকাৰ পৰা ২১৯০ টকালৈকে অধিক হৈ পৰিছে। ৰূপৰ মূল্যও আজি প
प्रतीकात्मक


নতুন দিল্লী, ২৩ জুলাই (হি.স.)। আজিৰ আৰম্ভণিৰ ব্যৱসায়ৰ সময়ত ঘৰুৱা অলংকাৰ বজাৰত তীব্ৰ উৰ্ধমুখী ধাৰা দেখা গৈছে। মূল্যবৃদ্ধিৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰতে সোণৰ দাম প্ৰতি ১০ গ্ৰামত ২১০০ টকাৰ পৰা ২১৯০ টকালৈকে অধিক হৈ পৰিছে। ৰূপৰ মূল্যও আজি প্ৰতি কিলোগ্ৰামত ৫২০০ টকাকৈ তীব্ৰ বৃদ্ধি পালে।

মূল্যবৃদ্ধিৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,৪২০ টকাৰ পৰা ১,৪৬,৫৭০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণৰ আজি প্ৰতি ১০ গ্ৰামত ১,৩৪,৩১০ টকাৰ পৰা ১,৩৪,৪৬০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্য বৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৪০,১০০ টকাত বিক্ৰী কৰা হৈছে।

দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,৫৭০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৪,৪৬০ টকা । দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দৰ ১,৪৬,৪২০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩৪,৩১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,৪৭০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৪,৩৬০ টকা।

এই ডাঙৰ চহৰসমূহৰ বাহিৰেও চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৬,৪২০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,৩৪,৩১০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৬,৪২০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৩৪,৩১০ টকাত ব্যৱসায় কৰা হৈছে। ভূপালত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৬,৪৭০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩৪,৩৬০ টকাত বিক্ৰী হৈছে।

জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৪৬,৫৭০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩৪,৪৬০ টকা হাৰত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৪৬,৪৭০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৪,৩৬০ টকা। লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৬,৫৭০ টকাত বিক্ৰী হৈছে, আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৪,৪৬০ টকা।

দেশৰ আন ৰাজ্যৰ দৰেই কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো আজি সোণৰ মূল্য বৃদ্ধিৰ ধাৰা দেখা গৈছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী চহৰ বেংগালুৰু, হায়দৰাবাদ, ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,৪২০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩৪,৩১০ টকাত বিক্ৰী হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande