
নতুন দিল্লী, ২২ জুলাই (হি.স.)। পথ আন্তঃগাঁথনি খণ্ডৰ বাবে কাম কৰা আন্তঃগাঁথনি বিনিয়োগ ট্ৰাষ্ট কিউব হাইৱেজ ট্ৰাষ্ট (InvIT)ৰ ৫ হাজাৰ কোটি টকাৰ আই পি অ’ আজি চাবস্ক্ৰিপচনৰ বাবে মুকলি কৰা হয়। এই আই পি অ’ৰ বাবে ২৪ জুলাইলৈকে নিবিদা দিব পাৰিব।ইছ্যু বন্ধ হোৱাৰ পিছত ২৯ জুলাইত শ্বেয়াৰ আবণ্টন কৰা হ’ব, আবণ্টিত শ্বেয়াৰসমূহ ৩০ জুলাইত ডিমেট একাউণ্টত জমা কৰা হ’ব।কোম্পানীটোৰ শ্বেয়াৰসমূহ ৩ আগষ্টত বি এছ ই আৰু এন এছ ইত তালিকাভুক্ত হোৱাৰ সম্ভাৱনা আছে।প্ৰথম দিনটোৰ দুপৰীয়া ১ বজালৈকে আই পি অ’ত মাত্ৰ ২% চাবস্ক্ৰাইব কৰা হৈছিল।
এই আই পি অ’ত নিবিদাৰ বাবে মূল্যৰ বেণ্ড প্ৰতি শ্বেয়াৰত ১৫১ৰ পৰা ১৫২ ₹, লটৰ আকাৰ ৯৫টা শ্বেয়াৰ । অফাৰ ফৰ চেল উইণ্ডোৰ জৰিয়তে মুঠ ৩২,৮৯,৪৭,৩৬৮ কোটি শ্বেয়াৰ বিক্ৰী হৈ আছে। যোগ্যতাসম্পন্ন প্ৰতিষ্ঠানিক ক্ৰেতাসকলক আই পি অ’ত সৰ্বাধিক ৭৫ শতাংশ শ্বেয়াৰ আবণ্টন দিয়াৰ বিপৰীতে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলক (এন আই আই) নূন্যতম ২৫ শতাংশ শ্বেয়াৰ আবণ্টন দিয়া হ’ব । এই বিষয়টোৰ বুক ৰানিং লিড মেনেজাৰ হিচাপে কোটাক মহিন্দ্ৰা কেপিটেল কোম্পানী লিমিটেড নিযুক্তি দিয়াৰ বিপৰীতে কেফিন টেকন’লজিছ লিমিটেডক পঞ্জীয়ক হিচাপে নিযুক্তি দিয়া হৈছে।
কিউব হাইৱেজ ট্ৰাষ্ট ইনভিটিৰ বিত্তীয় অৱস্থাৰ সন্দৰ্ভত ইয়াৰ বিত্তীয় দিশ শক্তিশালী হৈছে, যিটো মূলধনী বজাৰ নিয়ন্ত্ৰক ছেবিত দাখিল কৰা খচৰা ৰেড হেৰিং প্ৰস্পেক্টচ (ডি আৰ এইচ পি)ত দাবী কৰা হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভ পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৫-২৬ত ১৪২২.৮৯ কোটি টকালৈ বৃদ্ধি হোৱাৰ প্ৰকল্প কৰা হৈছিল। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ লাভও বৃদ্ধি পায়।
২০২৪-২৫ বিত্তীয় বৰ্ষত ই মুঠ ২,১০৬.৩২ কোটি টকাৰ ৰাজহ লাভ কৰে, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৫-২৬ত ২,৯২২.০৯ কোটিলৈ বৃদ্ধি পায়। এই সময়ছোৱাত কোম্পানীটোৰ সম্পত্তি ২০২৪-২৫ চনত ২৮,৬২৪.২৫ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ৩০,৭৬৩.১৯ কোটি টকালৈ বৃদ্ধি পাইছে। কিন্তু এই দুবছৰৰ ভিতৰত কোম্পানীটোৰ ঋণৰ বোজাও বৃদ্ধি পালে। ২০২৪-২৫ চনৰ শেষত কোম্পানীটোৰ ঋণৰ পৰিমাণ আছিল ৪৩৯.৯৬ কোটি টকা, যিটো ২০২৫-২৬ চনত ৪৯১.৬৫ কোটি টকালৈ বৃদ্ধি পাইছিল ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ