
নতুন দিল্লী, ২২ জুলাই (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজিও আগতীয়া ব্যৱসায়ৰ সময়ত সোণৰ মূল্য বৃদ্ধিৰ ধাৰা অব্যাহত আছে। আনহাতে, আজিৰ আগতীয়া ব্যৱসায়ৰ সময়ত ৰূপৰ মূল্য সামান্য হ্ৰাস পোৱা দেখা গৈছে । মূল্যবৃদ্ধিৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭০০ৰ পৰা ৭৬০ ₹লৈ ব্যয়বহুল হৈ পৰিছে । ইফালে ৰূপৰ মূল্য আজি প্ৰতি কিলোগ্ৰামত ₹২০০ টকাকৈ যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে।
মূল্যবৃদ্ধিৰ বাবে দেশৰ অধিকাংশ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৪৪,২৩০ ₹ৰ পৰা ১,৪৪,৩৮০ ₹ৰ ভিতৰত চলি আছে। একেদৰে আজি ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩২,২১০ টকাৰ পৰা ১,৩২,৩৬০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰাম ২০০ টকা হ্ৰাস পোৱাৰ বাবে আজি দিল্লীৰ অলংকাৰ বজাৰত এই চিকচিকিয়া ধাতুবিধ প্ৰতি কিলোগ্ৰামত ২,৩৪,৯০০ টকাত বিক্ৰী হৈছে ।
দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,৩৮০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩২,৩৬০ টকা ৰেকৰ্ড কৰা হৈছে। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৪,২৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩২,২১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,২৮০ টকা, আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৩২,২৬০ টকা।
এই বৃহৎ চহৰসমূহৰ বাহিৰেও চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৪,২৩০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৩২,২১০ টকাত বিক্ৰী হৈছে। একেদৰে কলকাতাত ২৪ কেৰেটৰ সোণৰ ১০ গ্ৰাম ১,৪৪,২৩০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৩২,২১০ টকাত ব্যৱসায় কৰা হৈছে। ভূপালত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৪,২৮০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩২,২৬০ টকাত বিক্ৰী হৈছে।
জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৪৪,৩৮০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩২,৩৬০ টকা হাৰত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৪৪,২৮০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩২,২৬০ টকা। লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৪,৩৮০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,৩২,৩৬০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন আন ৰাজ্যৰ দৰে কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো আজি সোণৰ মূল্যৰ উত্থানৰ ধাৰা দেখা গৈছে। ৰাজ্যৰ তিনিখন ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,২৩০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩২,২১০ ₹ ত বিক্ৰী হৈছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ