
ইছলামাবাদ, ২০ জুলাই (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মাটিয়াৰী জিলাৰ ৱাহাব শ্বাহ ৰে’ল ষ্টেচনৰ সমীপত এখন মালবাহী ৰে’ল (কয়ল হপাৰ ট্ৰেইন)ৰ সোতৰটা দবা লাইনচ্যুত হয়। ইয়াৰ ফলত সিন্ধ অঞ্চলত ৰে'ল যাতায়ত যথেষ্ট ব্যাঘাত জন্মিছিল, যাৰ ফলত উজনি আৰু নামনি সকলো ট্ৰেক বন্ধ কৰিবলগীয়া হৈছিল। কৰাচী আৰু দেশৰ বাকী অংশৰ মাজত ৰে'ল সেৱা সাময়িকভাৱে বন্ধ হৈ পৰে। প্ৰাথমিক খবৰ অনুসৰি এই ঘটনাৰ ফলত কেইবাখনো যাত্ৰীবাহী আৰু মালবাহী ৰে'লৰ চলাচল ব্যাহত হোৱাৰ লগতে কেইবাখনো সেৱাত বিলম্ব ঘটে। কৰাচীৰ পৰা ইউছুফৱালালৈ গৈ আছিল মালবাহী ৰে’লখন।
দুনিয়া নিউজে প্ৰকাশ কৰা অনুসৰি দেওবাৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে অভিযান্ত্ৰিক আৰু উদ্ধাৰকাৰী দলৰ সৈতে পাকিস্তান ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকল সেই স্থানত উপস্থিত হয়। বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনাৰ সঠিক কাৰণ ততাতৈয়াকৈ জানিব পৰা হোৱা নাই। হায়দৰাবাদ, টাণ্ডো আদম, আৰু অন্যান্য ৰেলৱে ষ্টেচনত আবদ্ধ যাত্ৰীসকলে গন্তব্যস্থানলৈ যাবলৈ অন্যান্য যাতায়তৰ আশ্ৰয় লৈছিল। টাণ্ডো আদামৰ বাসিন্দা আৰু স্থানীয় সমাজকৰ্মীসকলেও ক্ষতিগ্ৰস্ত যাত্ৰীসকলক খাদ্য, খোৱাপানী, আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধা প্ৰদান কৰি সহায় কৰে।
ৰে’লৱেৰ বিষয়াসকলে জনোৱা মতে, উজনি আৰু নামনি দুয়োটা ট্ৰেকতে ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছে আৰু ২৪ ঘণ্টা ধৰি লাইনটো বন্ধ থাকিব পাৰে। হায়দৰাবাদ ষ্টেচনত কাৰাকোৰাম এক্সপ্ৰেছ, কোত্ৰী ষ্টেচনত আল্লামা ইকবাল এক্সপ্ৰেছ, লান্ধী ষ্টেচনত পাকিস্তান এক্সপ্ৰেছ বন্ধ কৰি দিয়া হৈছিল। তেজগাম এক্সপ্ৰেছ গাড়ীখন ড্ৰিগ ৰোড ষ্টেচনত ৰখাই দিয়া হৈছিল, আৰু মিলাট এক্সপ্ৰেছ আৰু ফৰিদ এক্সপ্ৰেছক কেণ্ট ষ্টেচনত ৰখাই দিয়া হৈছিল। চলিত বৰ্ষৰ আৰম্ভণিতে পাকিস্তানত তিনিখন মালবাহী ৰে’ল ৰে'লপথৰ পৰা লাইনচ্যুত হৈছে: এয়া হৈছে ফেব্ৰুৱাৰী মাহত হাৰাপ্পাৰ ওচৰত, মে’ মাহত কুৱেটাৰ ওচৰত আৰু এই মাহত সিন্ধ প্ৰদেশৰ দাডু জিলাৰ ওচৰত।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ