জৰ্ডানত আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণৰ আক্ৰমণত দুজন আমেৰিকান জোৱানৰ মৃত্যু
আম্মান, ১৯ জুলাই (হি.স.)। জৰ্ডানত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণত দুজন আমেৰিকান জোৱান নিহত হোৱাৰ লগতে আন এজন সৈনিক নিৰুদ্দেশ হৈছে। এই আক্ৰমণত চাৰিজন জোৱানো আহত হয়। শনিবাৰে এই কথা নিশ্চিত কৰে আমেৰিকাৰ সেনাই। আমেৰিকাৰ
ইৰাণৰ আক্ৰমণ


আম্মান, ১৯ জুলাই (হি.স.)। জৰ্ডানত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণত দুজন আমেৰিকান জোৱান নিহত হোৱাৰ লগতে আন এজন সৈনিক নিৰুদ্দেশ হৈছে। এই আক্ৰমণত চাৰিজন জোৱানো আহত হয়। শনিবাৰে এই কথা নিশ্চিত কৰে আমেৰিকাৰ সেনাই।

আমেৰিকাৰ সেনাবাহিনীৰ মতে, ইৰাণে বেলিষ্টিক মিছাইল আৰু ড্ৰ’নেৰে সামৰিক ঘাটিটোক লক্ষ্য কৰি লৈছিল। আক্ৰমণৰ সময়ত আমেৰিকা আৰু মিত্ৰশক্তিৰ বাহিনীয়ে প্ৰতিশোধমূলক কাৰ্যত লিপ্ত হৈছিল।

সামৰিক বাহিনীয়ে কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইৰাণৰ প্ৰত্যক্ষ আক্ৰমণত আমেৰিকাৰ সৈন্যৰ এইটোৱেই প্ৰথম মৃত্যু। আহত চাৰিজন জোৱানক ততাতৈয়াকৈ জৰ্ডানৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয়। নিৰুদ্দেশ হোৱা জোৱানজনৰ সন্ধান অব্যাহত আছে।

অৱশ্য়ে নিৰাপত্তাজনিত কাৰণত মৃত জোৱানসকলৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা নাই আমেৰিকাৰ বিষয়াসকলে। ঘটনাৰ পিছতে অঞ্চলটোত নিৰাপত্তা আৰু অধিক কটকটীয়া কৰা হৈছে।

-----------------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande