
ইছলামাবাদ, ১৭ জুলাই (হি.স.)। পাকিস্তানৰ অস্থিৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ আৰক্ষী আৰু সন্ত্ৰাসবাদ বিৰোধী বিভাগে বৃহস্পতিবাৰে বান্নু জিলাত চলোৱা অভিযানত ৫জন সন্ত্ৰাসবাদীক নিহত কৰে। তেওঁলোকৰ পৰা ৰাইফল আৰু বহু পৰিমাণৰ গুলী উদ্ধাৰ কৰা হয়।
দুনিয়া নিউজৰ এক প্ৰতিবেদন অনুসৰি সৈন্যক দেখা পাই সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে। ইয়াৰ পিছতে হোৱা গুলীচালনাত পাঁচজন সন্দেহযুক্ত সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে আন কেইবাজনো সন্ত্ৰাসবাদী পলায়ন কৰিবলৈ সক্ষম হয়। এই এনকাউণ্টাৰৰ পিছতে এটা বৃহৎ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ পলায়ন কৰা সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিবলৈ অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে।
আৰক্ষীয়ে জনোৱা মতে, নিহত সন্ত্ৰাসবাদীক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে। ইয়াৰ পৰা পাঁচটা কালাছনিক’ভ এছাল্ট ৰাইফল, দহটা মেগজিন, পাঁচটা বেণ্ড’লিয়াৰ, দুটা হেণ্ড গ্ৰেনেড, আৰু বহু পৰিমাণৰ গুলীও উদ্ধাৰ কৰা হৈছে। খাইবাৰ পখতুনখোৱাৰ আৰক্ষী মহাপৰিদৰ্শকে সন্ত্ৰাসবাদীৰ সহযোগীকো গোচৰ ৰুজু কৰা হ’ব বুলি উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ