
কাঠমাণ্ডু, ১৭ জুলাই (হি.স.)। নেপালৰ বালেন্দ্ৰ শ্বাহ চৰকাৰে এক টকাৰ মুদ্ৰাৰ পৰা নেপালৰ বিতৰ্কিত মানচিত্ৰখন আঁতৰাই তাৰ ঠাইত মুস্তাঙত অৱস্থিত লো ঘ্যাকাৰ (ঘৰ) গুম্বাৰ প্ৰতিমূৰ্তি লোৱাৰ সিদ্ধান্ত লৈছে ।
আজি অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকত নেপাল ৰাষ্ট্ৰ বেংকক ১ আৰু ২ টকীয়া নতুন মুদ্ৰা প্ৰস্তুতৰ অনুমোদন প্ৰদান কৰা হয়। নেপাল ৰাষ্ট্ৰ বেংকৰ বিষয়াসকলৰ মতে, নতুন মুদ্ৰাৰ বৰ্তমানৰ আকাৰ, ওজন, ধাতু, ডিজাইন সলনি কৰা হ’ব। এই সন্দৰ্ভত একটকীয়া মুদ্ৰাৰ পৰা নেপালৰ মানচিত্ৰ আঁতৰাই তাৰ ঠাইত অষ্টম শতিকাৰ ঐতিহাসিক লো ঘ্যাকাৰ গুম্বাৰ প্ৰতিচ্ছবি ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। চৰকাৰী বিষয়াসকলে যুক্তি দিছিল যে এই মুদ্ৰাটোৰ আকাৰ সৰু হোৱাৰ বাবে ইয়াত নেপালৰ মানচিত্ৰ স্পষ্টভাৱে প্ৰদৰ্শন কৰাটো কঠিন হৈ পৰে।
নেপালৰ বিতৰ্কিত মানচিত্ৰখন চিত্ৰিত কৰা মুদ্ৰা জাৰি কৰাৰ সিদ্ধান্ত লৈছিল তেতিয়াৰ কে পি শৰ্মা অলিৰ চৰকাৰে । কিন্তু সেই বিতৰ্কিত মানচিত্ৰখন আঁতৰাই ভাৰতৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ অভিপ্ৰায়ৰ ইংগিত দিছে বালেন্দ্ৰ চৰকাৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ